Breaking

‘দেশৰ নেতা শিক্ষিত নহয়’! এই মন্তব্যৰ পিছতে সমালোচনাৰ সন্মুখীন অভিনেত্ৰী কাজল…

0 105

এক বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন অভিনেত্ৰী কাজল। কাজলে কৈছিল ‘দেশৰ নেতা শিক্ষিত নহয়’! কাজলে ইয়াৰ পূৰ্বেও কৈছিল যে ভাৰতত কোনো দৃষ্টিশক্তি নথকা অশিক্ষিত নেতাই শাসন কৰি আছে।ভাৰতীয় ৰাজনীতিবিদ আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে কৰা মন্তব্য ভাইৰেল হোৱাৰ পিছতে শেহতীয়াকৈ অভিনেতা কাজলে প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে এতিয়া কাজলে স্পষ্ট কৰি দিছে যে তেওঁৰ উদ্দেশ্য কাকো হেয়জ্ঞান কৰা নাছিল।

শনিবাৰে কাজলে নিজৰ টুইটাৰ একাউণ্টত লিখিছিল, ‘মই কেৱল শিক্ষা আৰু ইয়াৰ গুৰুত্বৰ বিষয়েহে এটা কথা কৈছিলোঁ। মোৰ উদ্দেশ্য কোনো ৰাজনৈতিক নেতাক হেয়জ্ঞান কৰা নাছিল, আমাৰ কিছুমান মহান নেতা আছে যিয়ে দেশক সঠিক পথত আগুৱাই লৈ গৈছে।’ এক সাক্ষাৎকাৰত কাজলে কৈছিল যে এখন দেশৰ বৃদ্ধিৰ বাবে শিক্ষিত নেতা থকাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ভাৰতৰ দৰে দেশত পৰিৱৰ্তন লেহেমীয়া হয়।

কৰ্মক্ষেত্ৰত কাজলক পৰৱৰ্তী সময়ত দেখা যাব ৱেব শ্ব’ দ্য ট্ৰাইলত, যিটো আমেৰিকাৰ নাটক দ্য গুড ৱাইফৰ অভিযোজন।

Leave A Reply