Breaking

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত দম্পত্তিৰ কৰুণ মৃত্যু

0 105

ৰহাৰ খলিহামাৰীত গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ ৰহা। দুখন চিতাত একেসময়তে জ্বলি উঠিল পতি-পত্নীৰ মৃতদেহ। বুধবাৰে নিশা সংঘটিত এই নিৰ্মম ঘটনাত প্ৰাণ হেৰুৱালে খলিহামাৰীৰ ভদ্ৰেশ্বৰ নাথ(৬০) আৰু তেওঁৰ পত্নী সীমা দেৱীয়ে(৫৫)।

নিশা প্ৰায় বাৰ বজা চাৰিজনীয়া চোৰৰ দলে AS 11 L 7795 নম্বৰৰ ফৰ্ড ইক’ স্পৰ্ট বিলাসী বাহনখনেৰে আহিছিল গৰু চোৰ কৰিবলৈ। খলিহামাৰীত এঘৰ লোকৰ গোহালিৰ পৰা এজনী গাই চুৰ কৰি বাহনখন ভৰাই পলায়ন কৰিবলৈ চেষ্টা কৰোতেই গৃহস্থই সাৰ পাই চিঞৰ-বাখৰ কৰে।

সেই মুহূৰ্ততে স্থানীয় ৰাইজ ওলাই আহি পলায়ন কৰিব খোজা গাড়ীখন ৰখাবলৈ চেষ্টা কৰোতেই তীব্ৰ বেগী বাহনখনে মহতিয়াই নিয়ে পথৰ কাষত ৰৈ থকা দুই পতি-পত্নীক। লগে লগে চোৰৰ ফৰ্ড ইক’ স্পৰ্ট বাহনখনো বাগৰি পৰে দ খাৱৈত।

পিচত গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰ নাথৰ মৃতদেহ। গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় ভদ্ৰেশ্বৰৰ পত্নী সীমা দেৱী। আহত মহিলাগৰাকীক পিচত ১০৮ৰে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱতে সীমা দেৱীয়ে।

ইপিনে দুৰ্ঘটনাৰ পিচতে চোৰ কেইটা পলায়ন কৰে যদিও জংঘলত লুকাই থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ব হয় এটা চোৰ। অৱশ্য আন তিন চোৰ পলায়ন কৰে। পিচত উত্তেজিত ৰাইজে চোৰটোক উত্তম-মধ্যম দি নিশাই আৰক্ষীক গতাই দিয়ে। ধৃত চোৰটোৰ নাম নগাঁৱৰ ৰূপহীৰ নাজিৰ হুছেইন।

ইপিনে পুৱতি নিশা আৰক্ষীয়ে ৰহাৰ কামগাঁৱৰ পৰা চামগুৰিৰ খাইৰুল ইছলাম নামৰ আন এটা চোৰক আটক কৰে। দুটা চোৰ এতিয়াও পলাতক হৈ আছে। ইপিনে ৰাইজে উত্তম-মাধ্যম শোধোৱা নাজিৰ হুছেইন নামৰ চোৰটোৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইপিনে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুই পতি-পত্নীৰ মৃতদেহ ঘৰলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পিচত ৰাইজে দুখন চিতাত দুই পতি-পত্নীক সৎকাৰ কৰে। ৰাইজে আৰক্ষী প্ৰশাসন আৰু গাঁওৰক্ষী বাহিনীক তীব্ৰ সমালোচনা কৰি কেৱল জীৱ-জন্তুৰেই নহয়, জনসাধাৰণ আজি চোৰৰ পৰা চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে বুলি কঠোৰ সমালোচনা কৰি গাঁওৰক্ষী বাহিনীক সক্ৰিয় কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। ঘটনাটোৱে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ লগতে শোকস্তব্ধ কৰি তুলিছে অঞ্চলবাসীক।

-বুলন নাথ, ৰহা

Leave A Reply