Breaking

ওদালগুৰিত ভয়াবহ ৰূপত ক’ভিড ১৯ত আক্ৰান্ত: ৬২৪ জনলৈ বৃদ্ধি , জিলাখনৰ সমুহ সপ্তাহিক বজাৰ বন্ধৰ কৰাৰ নিৰ্দেশ জাৰি

0 2,040

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ৬মেত  ওদালগুৰিত ৪২ গৰাকী  কভিড ১৯ ত  আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৬মেলৈ  আক্ৰান্তৰ সংখ্যা ৬২৪ জনলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  বৰ্তমানলৈ ৬মেত   ৪১৮ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৪২ গৰাকী দেহত  কভিড ১৯ৰ উপস্থিতি চিনাক্ত কৰে ৷ ইয়াৰ ভিতৰৰ ৪৮ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ২৩৪ গৰাকী হোম আইচিলেচনত আছে।এতিয়ালৈকে ৬৬ গৰাকী ক’ৰণা ৰোগী সুস্হ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। । ৬মেত কভিড ১৯ত  ওদালগুৰি শংকৰ নগৰ নিবাসী অৱসৰী  প্ৰধান শিক্ষক যোগেন পাঠকৰ মৃত্যু হয়।উল্লেখ্য যে, তেওঁৰ পত্নী মীৰা পাঠক(৬৫)ৰ যোৱা ৩ মে’ত মৃত্যু হৈছিল।।এইলৈ ওদালগুৰিত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পালে।সেয়ে সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। ।সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাত ৬মেৰ পৰা তৎকালীন ভাবে কাৰ্য্যকৰী হোবাকৈ  ওদালগুৰি জিলাৰ প্ৰশাসনে  সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰে । এই ঘোষনাটো কৰাৰ বাবে জিলা  প্ৰশাসনক সচেতন নাগৰিক সকলে সঠিক পদক্ষেপ বুলি অভিহিত কৰিছে ৷এই সম্পৰ্কত  ৬ মেত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ নিৰ্দেশ পত্ৰত ৬ মেৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰে।জিলা খনত ক’ভিড সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰে । এই নিৰ্দেশ ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে অৱগত কৰে ।

Leave A Reply