Breaking

ঘগ্ৰাপাৰত `কভিড-১৯´ শীৰ্ষক চুটীছবি মুকলি

0 1,538

সাম্প্ৰতিক সময়ত চৰ্চাত থকা অতিকৈ ভয়াৱহ কৰোনা মহামাৰীৰ ওপৰত নিৰ্মান হল চুটীছৱি।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোলৰ উদীয়মান যুৱক জিন্টু শৰ্মাই নিৰ্মান কৰা চুটীছৱি খনৰ কাম আৰম্ভ হোৱাৰে দিনৰ পৰা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে *কভিড-১৯* শীৰ্ষক ছুটীছৱি খন।কালি  বৰাজোলৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চুটীছৱি খন আনুস্থানিক ভাৱে মুকলি কৰিৱলৈ এখনি মুকলি সভাৰ আয়োজন কৰে  জে.বি.এ মুভি হাউচে।অনুস্থানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ চুটি ছৱিখন মুকলি কৰে।অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলাম, আৰ .এন  . এ মিউজিক প্ৰডাক্সনৰ পৰিচালক নৱাৱুল ইছলাম,বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষা জুৰি ডেকা, ৰোমিঅ টিভিৰ পৰিচালক জিন্তু হাছানকে প্ৰমুখ্য কৰি ছুটীচৱি খনৰ লগত জড়িত কলা কৌশলী সকল।জিন্তু শৰ্মাৰ প্ৰযোজনা আৰু আল্টাফ হুছেইনৰ পৰিচালনাৰে নিৰ্মিত ছুটীছৱি খনক লৈ খুৱেই আশাবাদী জিন্তু শৰ্মা আৰু তেওৰ সহযোগীসকল।ইতিমধ্যেজেবিএ মুভি হাউচ নামৰ ইউটিউব চেনেলটোত মুকলি কৰা হৈছে ছুটীছৱি খন।

Leave A Reply