Breaking

অসমত আৰম্ভ হ’ব কভিড ভেকচিনৰ ড্ৰাই ৰান

0 2,025

অহা সপ্তাহৰ পৰা কভিড ভেকচিনৰ ড্ৰাই ৰান আৰম্ভ হ’ব অসমত । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন চাৰিখন ৰাজ্যত কৰ’ণা ভাইৰাছৰ টিকাকৰণৰ ড্ৰাই ৰান হ’ব।

শুকুৰবাৰে এক বিবৃতিযোগে স্বাস্থ্য মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে যে, এই ড্ৰাই ৰান অভিযান অসমৰ লগতে অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু পঞ্জাৱৰ দুখন জিলাত আৰম্ভ কৰা হ’ব। লগতে এই বিবৃতিটোত কোৱা হৈছে যে, এই কাৰ্যকলাপৰ ভিতৰত আছে টিকাকৰণ প্ৰক্ৰিয়াত জড়িত সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

মন্ত্ৰালয়ে জনায় যে, মক ড্ৰিলত খণ্ড আৰু জিলা পৰ্য্যায়ত সমৱৰ্তী নিৰীক্ষণ আৰু সমীক্ষা তথা মতামত গ্ৰহণ কৰা হ’ব লগতে ৰাজ্য আৰু কেন্দ্ৰলৈ সেই মতামত প্ৰেৰণ কৰা হ’ব। ই টিকাকৰণৰ পিছত যিকোনো সম্ভাৱ্য প্ৰতিকূল ঘটনাৰ ব্যৱস্থাপনাৰ ওপৰতো গুৰুত্ব দিব।

ইতিমধ্যে,সমগ্ৰ দেশত বিভিন্ন শ্ৰেণীৰ ভেকচিন হেণ্ডলাৰ আৰু প্ৰশাসনৰ ২৩৬০ লোকক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে জানুৱাৰীত টিকাকৰণ “যিকোনো সপ্তাহ”(Any Week) আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। চৰকাৰে ইতিমধ্যে স্বাস্থ্য সেৱা কৰ্মী আৰু বৃদ্ধ লোকসহ ৩০ কোটি লোকক চিনাক্ত কৰিছে, যি সকলে প্ৰথম পৰ্যায়ত এই টীকাকৰণ লাভ কৰিব।

Leave A Reply