Breaking

চীনত কোভিডৰ মহাবিস্ফোৰণ ! স্হানৰ অভাবত মছজিদ ৱেৰহাউচত মৃতদেহৰ দম

0 43

চীনত মহামাৰী কৰোনাৰ ভয়ংকৰ বিস্ফোৰণ। নিয়ন্ত্ৰণৰ বাহিৰত কোভিড। নিৰুপায় হৈ পৰিছে প্ৰশাসন। পৰিস্থিতিয়ে এন ৰূপ লৈছে যে শ্মশানত স্হানৰ অভাব হোৱাত প্ৰশাসনে মছজিদত দম দম মৃতদেহ ৰাখিবলৈ বাধ্য হৈ পৰিছে। কিমান ৰোগী মৃত্যুমুখত পৰিছে সেই তথ্যও নাই প্ৰশাসনৰ হাতত। ইতিমধ্যে মছজিদ আৰু ৱেৰ হাউচত মৃতদেহ ৰখাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত আতংকিত হৈ পৰিছে বিশ্ববাসী। প্ৰশাসনে উপায়বিহীন হৈ গাহৰীৰ মাংস ৰখা শীতল ভঁৰালত ৰাখিছে মৃতদেহ।

বেইজিঙৰ নিউষ্ট্ৰীটৰ এটা মছজিদত মৃতদেহ ৰখাৰ লগতে এটা ৱেৰহাউচত ৰখা হৈছে ১৫ হাজাৰ মৃতদেহ। চীনত কোভিডৰ মহাবিস্ফোৰণে পুনৰ ভয়ংকৰ দিনৰ আগজাননীত কম্পমান হৈ পৰিছে বিশ্ববাসী।

Leave A Reply