Breaking

ক’ভিডে নিঠৰুৱা কৰা তিনি ভগ্নীৰ বিলৈ : চৰকাৰলৈ সহায়ৰ আহ্বান

0 1,539

দৰঙৰ ছিপাঝাৰৰ কুৰুৱাত এটা মাহৰ ভিতৰতে পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ দিশহাৰা হৈ পৰিছে তিনি ভগ্নী।উপৰ কুৰুৱা নিৱাসী তথা কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী    দিপালী দাসৰ যোৱা ১২ মে’ত মৃত্যু হৈছিল।যি সময়ত তেওঁৰ স্বামী ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে অসুস্থ হৈ পৰিছিল পত্নী দিপালী দাস। পিছত দিপালী দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অকালতে মৃত্যুবৰণ কৰিবলগীয়া হয়। ইপিনে ক’ভিডত আক্ৰান্ত দিপালী দাসৰ স্বামী নেপুৰ দাস সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল যদিও দাসৰ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৪ জুনত তেওঁৰো মৃত্যু হয়।যাৰ পিছত পিতৃ-মাতৃক অগা- পিছাকৈ হেৰুৱাই নিঠৰুৱা হৈ পৰা তিনি ভগ্নী ক্ৰমে নিবেদিতা দাস(২১),বনশ্ৰী দাস(১৯) আৰু দৰ্শনা দাস(১৩) জীৱনলৈ‌ নামি আহিছে ঘোৰ অমানিশা।জীৱন সংসাৰৰ কন্টকময় বাটত খোজ দিবলৈ গৈ আউল লাগি পৰা তিনি ভগ্নীৰ বাবে হৈ পৰিছে চকু পানীয়েই যেন লগৰী।অধ্যয়ণত তিনি ভগ্নীৰ সপোন আছিল পঢ়ি শুনি এদিন নিজকে মানুহ হিচাপে আত্ম প্ৰতিষ্ঠা কৰা। কিন্তু নভবাকৈয়ে যেন কাল ধুমুহাই  থানবান কৰি দিলে মনৰ আশা – আকাংক্ষাক। সম্প্ৰতি সাগৰৰ মাজত বঠা নোহোৱা নাওৰ দৰে বিপদত পৰা তিনি ভগ্নীয়ে চৰকাৰক সহায়ৰ বাবে কাতৰে জনাইছে আহ্বান। গাঁওবাসীৰ ৰাইজেও চৰকাৰ, বিধায়কৰ ওচৰত নিঠৰুৱা হৈ পৰা তিনি ভগ্নীক সহায়ৰ বাবে আহ্বান জনাইছে। 

Leave A Reply