Breaking

নলবাৰীৰ বিভিন্ন ঠাইত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী

0 517

স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয়  । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । বৰভাগ অঞ্চলৰ ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই । তদুপৰি এই ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থকা স্বাস্থ্য বিষয়া সহ স্বাস্থ্যকৰ্মী সকলক প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই গামোচাৰে সম্বৰ্দ্ধনা জনাই  । উল্লেখ্য যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী লোকে কোভিড ভেকচিন গ্ৰহণ কৰে । আজিৰ এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহিন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু কেইজন দলটোৰ কৰ্মী উপস্থিত থাকে  ।
          আনহাতে নলবাৰী জিলাৰ গোপালবজাৰস্থিত জ্ঞানপীঠ হাইস্কুলত ও ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক কোভিড ভেকচিন প্ৰদান কৰা হয়  । ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত ৪ নং খাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১২২ নং বুথৰ ৪৫ বছৰ ঊৰ্ধৰ ২০০ ব্যক্তিক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । আজিৰ এই কাৰ্যসূচীত নলবাৰী স্বাস্থ্য বিভাগৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মী সকল ,ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী সমিতিৰ বিষয়ববীয়া,৪ নং গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকল, বুথৰ কাৰ্যকাৰী সভাপতি সহ প্ৰমুখ্যে দলটোৰ কৰ্মকৰ্তা সকল  উপস্থিত থাকে  ।

Leave A Reply