Breaking

কম বয়সতে হঠাতে বহু লোকৰ মৃত্যু ঘটাৰ বাবে কোভিড ভেকচিন দায়ী নহয় ! আই চি এম আৰৰ গৱেষণাত প্ৰকাশ…

0 29

কম বয়সতে হঠাতে বহু লোকৰ মৃত্যু ঘটাৰ বাবে কোভিড ভেকচিন দায়ী নহয়ঃ আই চি এম আৰৰ গৱেষণাত প্ৰকাশ

কম বয়সৰ লোকে হঠাতে মৃত্যু ঘটাৰ ঘটনা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে বহুতে কোভিড ভেকচিনকেই দায়ী কৰি আহিছে৷ কিন্তু এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি এক গৱেষণাত প্ৰকাশ পাইছে৷ কোভিডৰ আতংক আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুক্ষেত্ৰত যুৱক-যুৱতীৰ আকস্মিক মৃত্যু হোৱা দেখা গৈছে।এই অকাল মৃত্যু কোভিড ভেকচিনৰ ফলত হৈছে নেকি? আই চি এম আৰে এই প্ৰশ্নৰ উত্তৰ লৈ হাজিৰ হৈছে৷

আই চিএম আৰৰ অধ্যয়ন অনুসৰি কোভিড ভেকচিনে কম বয়সৰ লোকসকলৰ মাজত আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাছিল। ইয়াৰ সলনি ভেকচিনে এনে মৃত্যুৰ আশংকা হ্ৰাসহে কৰিছে।অধ্যয়ন অনুসৰি ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিলেও আকস্মিক মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
এনে দাবীৰ মাজতে প্ৰশ্ন হয় কম বয়সৰ লোকসকলৰ আকস্মিক মৃত্যু কিয় হৈ আছে? আই চিএম আৰৰ অধীনস্থ ইচমৰৰ গৱেষণাই ইয়াৰো উত্তৰ দিছে। গৱেষণাই কয় যে যদি পৰিয়ালৰ কাৰোবাৰ আকস্মিক মৃত্যুৰ ইতিহাস থাকে, যদি কাৰোবাৰ সুৰাপান কৰাৰ অভ্যাস থাকে, নিৰন্তৰ বহি থকা কাম থাকে, তেন্তে ই আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এই অধ্যয়ন অনুসৰি দেশৰ ৪৭ খন চিকিৎসালয়ক সামৰি কৰিছিল। দেখা গৈছে যে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ বহু স্বাস্থ্যৱান লোক কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিছে। ১ অক্টোবৰ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত এনে বহু ঘটনা ঘটা দেখা গৈছে।

ধূমপান, সুৰাপান আৰু ড্ৰাগছৰ ব্যৱহাৰে যুৱক-যুৱতীসকলৰ মাজত হঠাতে মৃত্যুৰ আশংকা বৃদ্ধি কৰিছে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি কম শাৰীৰিক পৰিশ্ৰমো আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে৷

Leave A Reply