Breaking

গুৱাহাটী আৰু ডিব্ৰুগড়ত কাইলৈ পৰা শুভাৰম্ভণি হ’ব ক’ভিডৰ টীকাকৰণ

0 2,025

কৰ’ণা মহামাৰীৰ ভয়ংকৰ সংহাৰৰ পাছতে এতিয়া বিশ্বৰ লগতে ভাৰত পালেহি ক’ভিডৰ প্ৰতিষেধক। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমত ইতিমধ্যে দুখন হেলিকপ্তাৰেৰে ক’ভিশ্বীল্ড নামৰ প্ৰতিষেধক অনা হৈছে।

অহা ১৬ জানুৱাৰীত ৰাজ্যৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই টীকাকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰিব।

প্ৰথম পৰ্যায়ত ৰাজ্যৰ কৰ’ণা যুদ্ধা তথা হাস্পতালৰ চিকিৎসা কৰ্মীসকলক এই টীকাকৰণ কৰোৱা হ’ব। ইতিমধ্যে প্ৰথম পৰ্যায়ত ভেকচিন লাভ কৰা লোকৰ নামৰ তালিকা প্ৰকাশ হৈছে। মহানগৰীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ক’ভিডৰ টীকাকৰণ কৰোৱা হ’ব।

প্ৰথম অৱস্থাত এই ভেকচিন বিনমূলীয়াকৈ প্ৰদান কৰা হ’ব। দ্বিতীয় পৰ্যায়ত গাড়ীৰ চালক আৰু আৰক্ষীক বিশেষকৈ এই ভেকচিন প্ৰদান কৰিব। এই তালিকাত সাংবাদিকসমূহৰো নাম অন্তভুৰ্ক্ত হোৱাৰ সম্ভাৱনা আছে।

সম্প্ৰতি সৰ্বসাধাৰণ লোকে এই ক’ভিড ভেকচিন লব নোৱাৰিব। পৰৱৰ্তী পৰ্যায়ত সৰ্বাধাৰণ লোকে ১০০০ টকাকৈ মূল্য প্ৰদান কৰি এই ভেকচিন লবলগীয়া হ’ব পাৰে।

আনহাতে অসমত মুঠ ১.৫৬ লাখ স্বাস্থ্য কৰ্মী আছে তাৰ পৰিৱৰ্তে ১.২৫ লাখ কৰ্মীক ক’ভিড ভেকচিন প্ৰদান কৰিব। যদি কোনোবাই নলও বুলি ভাবে এই ভেকচিন নললেও হ’ব।

Leave A Reply