Breaking

ওৰাং,মাজবাট,ৰৌতাৰ স্বাস্থ্য কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি

0 1,262

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কষ্ট  কৰি  আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ  কভিড ভেকচিন কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দীঘলীয়া শাৰীত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাব লগা হৈছে। অধিকাংশই মাস্ক পাৰিধান নাই , নাই কোনো সামাজিক দূৰত্ব,  শাৰী শাৰীকৈ লাইন  পাতি ভেকচিন নাপাই উভটি যাব  লগা হোৱাত ক্ষোভিত হৈছে জনসাধাৰণ।
সেয়েহে  অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ  অধীনস্থ ভেকচিন কেন্দ্ৰ সমুহত পৰ্যাপ্ত পৰিমানৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ ৰাইজৰ   লগতে ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষক আহ্বান জনাইছে ৷  যুৱ চামে ক’ভিড ভেকচিন লবলৈ  অধিক আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply