Breaking

অলিম্পিকৰ গেম ভিলেজত ক’ভিডৰ আতংক

0 1,024

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ দুটা সপ্তাহ বাকী থকা অৱস্থাত টকিঅ’ অলিম্পিকৰ গেম ভিলেজত ক’ভিড–১৯এ আতংকৰ সৃষ্টি কৰিছে৷ স্থানীয় উদ্যোক্তা কমিটীয়ে  প্রকাশ কৰা অনুসৰি গেম ভিলেজৰ তত্ত্বাৱধানৰ সৈতে জড়িত দুগৰাকী কর্মী ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তেওঁলোকৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছত সকলো কর্মীৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ অৱশ্যে আন কোনো কর্মী ক’ভিড পজিটিভ হোৱা নাই৷ উগাণ্ডা আৰু ছার্বিয়াৰ এগৰাকী প্রশিক্ষক আৰু এগৰাকী এথলিট ক’ভিড পজিটিভ হোৱাৰ পিছত অলিম্পিকৰ গেম ভিলেজৰ দুগৰাকীকৈ কর্মী ক’ভিডত আক্রান্ত হোৱাটো আয়োজক মণ্ডলীৰ বাবে অস্বস্তিৰ কাৰণ হৈ পৰিছে৷

Leave A Reply