Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক

0 553

বোকাখাত
দেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকতৱৰ্তী গাঁও আৰু চাপৰিত ১ মে’ৰ পৰা আৰম্ভ হৈছে ট্ৰায়’-ভেক প্ৰতিষেধক প্ৰদানৰ অভিযান। এই উদ্দেশ্যে পহিলা মে’ৰ পৰা দেওবাৰলৈকে যোৱা তিনিদিন ভক্তে আৰু বামুন চাপৰিত গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা হয়৷ আনকি ২ মে’ত নিকৰিঘাটৰ পৰা ধনশিৰি নদী পাৰ হৈ নিশাৰ ভাগতো চাপৰিত থকা খুঁটিলৈ গৈ গৰু আৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে দলটোৱে৷ ইতিমধ্যে বিভিন্ন অঞ্চলৰ পাঁচ শতাধিক গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা এই দলটোৱে দুয়োটা চাপৰিতে প্ৰায় আঢ়ৈশ গৰু-ম’হক প্ৰতিষেধক প্ৰদান কৰে। দেওবাৰে পুৱতি নিশাৰ পৰা ভক্তে চাপৰিৰ সমীপৰ বামুন চাপৰিতো প্ৰতিষেধক প্ৰদান কৰা হয়৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ তত্বাৱধানত যোৱা দলটোত বোকাখাতৰ মহকুমা চিকিৎসা বিভাগৰহৈ ডাঃ জানমনি শ্যাম, ডাঃ দেৱব্ৰত ফুকন আৰু ডাঃ দীপজ্যোতি হাঞ্চেৰ উপৰি ক্ষেত্ৰ সহায়ক আৰু গোপাল মিত্ৰই সেৱা দান কৰে৷ দেওবাৰে পুৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ভক্তে চাপৰিলৈ গৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বুজ লোৱাৰ লগতে ভক্তে বন শিবিৰতে পশু চিকিৎসকৰ সৈতে স্বোৱাইন ফিভাৰ সংক্ৰমন প্ৰতিৰোধ সম্পৰ্কে আলোচনাও কৰে৷ উল্লেখ্য যে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু চাপৰি, লালুং আৰু বিলতীয়া আদি চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাম অব্যাহত থাকিব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গৰু ম’হৰ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাইণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই উদ্যান কৰ্তৃপক্ষক সহায় কৰিছে ৷

Leave A Reply