Breaking

ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত গৰু ভৰ্তি ট্ৰাক জব্দ

0 1,075

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ।মঙ্গলবাৰে ৰঙামাটিৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ অঞ্চলৰ আমগুৰিত স্থানীয় লোকে গোপন সুত্ৰৰ পম খেদি জব্দ কৰিলে এখন গৰু ভৰ্তি ট্ৰাক।AS-01‌-LC-8797 নম্বৰৰ ট্ৰাকখনত  অবৈধভাৱে সৰবৰাহ কৰা অৱস্থাত ‌ স্থানীয় ৰাইজে জব্দ কৰে ২৪ টাকৈ গৰু।উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা গুৱাহাটী যোৰাবাত অভিমুখে গৰু ভৰ্তি ট্ৰাকখন গৈ থকা বুলি গাৰিখনৰ চালক জনে জানিবলৈ দিয়ে।পিছত ঘটনা স্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ ইতিমধ্যে জব্দকৰা ট্ৰাকখনৰ পৰা আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেন্দিমেনক।

গৰু খিনিৰ প্রকিত গৰাকী ৰাইজৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় আৰক্ষীয়ে দুয়োকে আটক কৰি অধিক তথ্যৰ বাবে বৰ্তমান জেৰা অব্যাহত ৰাখিছে।

Leave A Reply