Breaking

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত সৰ্বানন্দ সোণোৱাল চৰকাৰে চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ চিপিআই(এম-এল) নেতা বিবেক দাসৰ

0 2,228

সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ চাহ শ্ৰমিক সকলক ঢাল হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ হ’বলৈ চেষ্টা কৰি শেষত আইনী মেৰপেচত সোমাই পৰা কাৰ্যৰ চাহ শ্ৰমিক অধ্যুষিত বিহালী বিধানসভা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি ৫০ টকা বৃদ্ধি কৰাৰ কাৰ্যকৰী কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে কালি স্থগিত কৰে। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মজুৰি বৃদ্ধি কাৰ্যকৰী কৰণৰ  সুবিধাবাদী স্থিতিৰ বাবেই আইনী মেৰপাছত সোমাই পৰিছে বুলি চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মূখ্য আহ্বায়ক তথা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ মহাজোট বন্ধনৰ প্ৰক্ষেপিত চিপিআই(এম-এল) দলৰ প্ৰাৰ্থী বিবেক দাসে মন্তব্য কৰিছে। বিবেক দাসে কয় যে,সৰ্বিনন্দ সোনোৱাল চৰকাৰে অৱশেষত চাহ শ্ৰমিক ৰাইজক ৰামঠগন দিলে। বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলক আৰম্ভণিৰ পৰাই বাৰে বাৰে ঠগি আহিছে। চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে যিখন মজুৰি উপদেষ্টা ব’ৰ্ড গঠন কৰিছে সেইখনেই হৈছে আইনী সন্মত সংস্থা। উপদেষ্টা বৰ্ডত অসম চৰকাৰৰ ৫ জন,ট্ৰেড ইউনিয়নৰ ৫ জন আৰু মালিক পক্ষৰ ৫ জন মুঠ ১৫ জন সদস্য আছে। লেবাৰ কমিচনাৰ উপদেষ্টা বৰ্ডৰ এজন মেম্বাৰ। তাতে লেবাৰ কমিচনাৰে ২০১৮ চনত চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা হ’ব লাগে বুলি প্ৰস্তাব ৰাখিলে। যদি চৰকাৰ সচাকে দায়িত্বশীল হয় তাত  চৰকাৰ ৫ জন সদস্য আৰু ট্ৰেড ইউনিয়নৰ ৫ জন সদস্যই নিশ্চয় সন্মতি জনালে হয়। তাত  অসম চাহ মজদুৰ সংঘৰ ৩ জন সদস্য আছে। অসম চাহ মজদুৰ সংঘই বিভিন্ন সময়ত ৩৫১ টকা মজুৰিৰ হ’ব লাগে বুলি দাবী জনাই আহিছে। গতিকে অতি সহজে আইন খন উপদেষ্টা বৰ্ডত আইন সন্মত ভাৱে গৃহিত হৈ গ’ল হয়। সেই সময়ত পল্লৱলোচন দাস শ্ৰম মন্ত্ৰী আছিল। লেবাৰ কমিছনাৰৰ প্ৰস্তাৱক  কেইটামান মালিক পক্ষই পল্লৱলোচন দাসক দিয়া অভিযোগত পল্লৱলোচন দাসে আলোচনা হবই নিদিলে। চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাবী এটা পল্লৱলোচন দাসে চৰুক সুধি চাউল বহোৱাৰ দৰে অগ্ৰাহ্য কৰিলে। এতিয়া চাহ শ্ৰমিকৰ ভোট লাভ কৰিবলৈ কেবিনেট বহি বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে। সৰ্বানন্দ সোনোৱালে ২০১৬ চনৰ নিৰ্বাচনতে চাহ শ্ৰমিক ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।আনকি নৰেন্দ্ৰ মোদীয়ে ও প্ৰথমবাৰ শাসনলৈ অহাৰ আগত চাহ শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিছিল। চাহ শ্ৰমিকৰ মজুৰি ২০১৮ চনত আছিল ১৬৭ টকা। এই মজুৰি বহুত কম আৰু যি ৫০ টকা বাঢ়িছে সেয়াও বহুত কম। আইন অনুসৰি প্ৰতি বচৰে মজুৰিৰ ভিডিএ বৃদ্ধি হয়। ২০১৯,২০২০ আৰু ২০২১ ত ভিডিএ অন্যায় ভাৱে নবঢ়ালে। যদি ভিডিএ বাঢ়িল হয় তেন্তে পূৰ্বৰ ১৬৭ টকা মজুৰিয়েই বৰ্তমান ২০১৭ টকাতকৈ অধিক হ’ল হেতেন। তাকে নকৰি জটিল প্ৰক্ৰিয়াৰে ষড়যন্ত্ৰ মূলক ভাবে বিজেপি চৰকাৰে কেবিনেট বহি ৫০ টকা মজুৰি বৃদ্ধি কৰি আইনী মেৰপেছত সুমুৱাই দিছে। গতিকে এইটো এটা বিজেপি চৰকাৰৰ কৌশল । এফালে মজুৰি বৃদ্ধি কৰা দেখুৱাই চাহ শ্ৰমিক সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে আনফালে বন্ধও কৰাইছে। গতিকে চাহ শ্ৰমিক সকলে বিজেপি চৰকাৰৰ এই প্ৰতাৰণাৰ এক উচিত জবাব দিব লাগিব আৰু এই নিৰ্বাচনতে সুযুগ লব লাগিব বুলি বিবেক দাসে মন্তব্য প্ৰকাশ কৰে।

Leave A Reply