Breaking

ৰাইজে গঢ়া শিক্ষানুষ্ঠান বন্ধ কৰা বিজেপি চৰকাৰৰ সৰ্বনাশীয়া নিৰ্দেশনাৰ বিৰুদ্ধে চিপিআই এম এল ৰ বিক্ষোভ

0 2,038

ৰাজ্যৰ ভেঞ্চাৰ স্কুল সমূহ ৰ শিক্ষকৰ পদ প্ৰাদেশীকীকৰণ নামত ৩৬০০ খনকৈ বিদ্যালয় বন্ধ কৰিবলৈ দিয়া বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজগড় শ্বহীদ বেদী তিনিআলি ত  চিপিআই (এম এল) দলে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে । দেশৰ ভিতৰতে অসমেই একমাত্ৰ ৰাজ্য য’ত ৰাইজে নিজৰ সন্তানক শিক্ষা দিবৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি মাটি দান দি শিক্ষানুষ্ঠান নিৰ্মাণ কৰে । শিক্ষাৰ অধিকাৰ আইন ২০০৯ গৃহীত হোৱাৰ পিছত নিয়ম মতে অসমৰ সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহ প্ৰাদেশীকীকৰণ কৰিব লাগিছিল । কিন্তু আইন ৰূপায়ণ নকৰি কেৱল  নিৰ্বাচনী লাভালাভৰ বাবে  কেৱল পদ প্ৰাদেশীকীকৰণ কৰাৰ দৰে টোগলকী সিদ্ধান্ত গ্ৰহণ কৰি বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা ধংস কৰিব বিচাৰিছে । আচৰিত ভাৱে টিংখাঙৰ সাৰ্বজনীন মধ্য ইংৰাজী বিদ্যালয় ন শ্ৰীপুৰীয়াৰ ৫ জন শিক্ষকৰ ভিতৰত ৩ জনৰ পদ প্ৰাদেশীকীকৰণ কৰি স্কুল খন  টিংখাং বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰা হৈছে মানে এতিয়া বিজেপি চৰকাৰৰ দিনত বালিকা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী একেলগে শিক্ষা গ্ৰহণ কৰিব । পৰিহাসৰ কথা হৈছে শিক্ষাগুৰুক টিউটৰ লৈ পৰ্যবেশিত কৰা । যাৰ পৰিনতিত এখন শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে । চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি শতাধিক লোকে চিপিআই এম এল ৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে ১) ৰাইজৰ কষ্ট আৰু শ্ৰমেৰে গঢ়া স্কুল বন্ধ কৰাৰ নিৰ্দেশনা বাতিল কৰক। ২) স্কুল বন্ধৰ নিৰ্দেশনা কিয়??? বিজেপি চৰকাৰে জবাব দিয়ক।৩) বিজেপি চৰকাৰৰ  ৰাজহুৱা শিক্ষা ধংস কৰিব বিচৰা নীতি আমি নামানো ।৪) শিক্ষাৰ অধিকাৰ আইন,২০০৫ কঠোৰ ভাৱে ৰূপায়ণ কৰক।৫) পদ প্ৰাদেশীকীকৰণ নহয় ভেঞ্চাৰ স্কুল সমূহ প্ৰাদেশীকীকৰণ কৰক , লগতে কৰ্মৰত সকলো শিক্ষক আৰু কৰ্মচাৰীক একেই স্কুলত নিযুক্তি দি দৰ্মহা সুনিশ্চিত কৰক।৬) দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰক।৭) শিক্ষকক টিউটৰ নহয় শিক্ষাগুৰু হিচাপে সন্মান দিয়ক।আদি শ্লগানৰে প্ৰতিবাদ স্থলী মুখৰিত কৰি তোলে । প্ৰতিবাদ কাৰী সকলে প্ৰতিবাদ স্থলীতে এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে দলৰ জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়ালে আঁত ধৰা প্ৰতিবাদী সভাত অসম সংগ্ৰামী চাহ কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী মীৰা তাঁতী, বিপ্লৱী যুৱ সন্থাৰ কুন্তী তাঁতী, চিপিআই এম এলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়াই বক্তব্য প্ৰদান কৰে । প্ৰতিবাদ কাৰী সকলে কাৰ্যসূচীৰ অন্তত ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ স্থানীয় টিংখাং ৰাজহ চক্ৰ বিষয়া জড়িয়তে দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। 

Leave A Reply