Breaking

সৃষ্টি”এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত বিহু কৰ্মশালা

0 24

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ তীৰ্থনগৰী হাজোৰ কুলহাটীতো দেখা গৈছে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যপক প্ৰস্তুুতি । হাজোৰ কুলহাটীতো আৰম্ভ হৈছে বিহু কৰ্মশালা।সৃষ্টি”এক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰম্ভ হোৱা বিহু কৰ্মশালাৰ শুভাৰম্ভ কৰে পাচগাওঁ কুলহাটী পঞ্চায়তৰ সভানেত্ৰী পদুমী দাসে।আঠদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহু কৰ্মশালাত প্ৰায় শতাধিক কণ কণ শিশু যুৱক যুৱতীয়ে অংশগ্ৰহন কৰা পৰিলক্ষিত হৈছে।

অৱশ্যে শীৰ্ষক কৰ্মশালাত ৰাজ্যখনৰ আগশাৰীৰ কেইবাগৰাকী বিহুৱা বিহুৱতী প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা কমিটিয়ে।

Leave A Reply