Breaking

পাকাবেতবাৰীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভ উদ্বোধন

0 126

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী স্পৰ্টিং ক্লাৱৰ সৌজন্যত স্থানীয় পুজা ফিল্ডত ২৯ আৰু ৩০ ডিচেম্বৰত  দুদিনীয়াকৈ চলা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতাখন কালি শুভ উদ্বোধন কৰে এ আৰু ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱীকা তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মিনাক্ষী ৰহমানে । কালি সন্ধিয়া ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিচত  উদ্বোধনী সভাত মিনাক্ষী ৰহমানে ভাষন প্ৰসংগত কয় যে, বিভিন্ন ঠাইত এই খেল সমূহ এটা প্ৰতিযোগীতা হিচাপে অনুষ্ঠিত হৈ অাছে যদিও এই খেল সমূহৰ প্ৰয়োজনীয়তা আমাৰ আছে। কিয়নো অাজি সৰু-সুৰা খেলৰ পৰাই যিসকল প্ৰতিভা বিকশিত হৈ অাহিব, সেই সমূহ প্ৰতিভা কিন্তু অহা দিনত আমাৰ নক্ষত্ৰৰ দৰে জিলিকি থাকিব।  বি.কে. নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সমাজ কৰ্মী নিখিল মণ্ডল, ইউ ডি এছ এফ’ৰ উপ-সভাপতি মফিদুল ইছলাম,  কয়াকুছিৰ বিশিষ্ট সমাজসেৱীদ্বয় আমজাদ হুছেইন আৰু শ্বাহানুৰ ৰহমান, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, সমাজকৰ্মী শশীমোহন ৰায়, শিক্ষক সনাতন মণ্ডল, সাংবাদিক জিলমোহন ৰায় আৰু ৰপছেত আলীকে ধৰি বহুতো গুনি-মানি ব্যক্তিৰ  উপস্থিতত উদ্যোক্তাসকলে মিনাক্ষী ৰহমানক এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনায়। আনহাতে আজি উক্ত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দীপুল ভূঞা, পাকাবেতবাৰী মণ্ডল বিজেপিৰ সভাপতি ধনমণি ডেকা, পাকাবেতবাৰী ব্লক সংখ্যালঘূ মৰ্চাৰ সভাপতি হুৰমুজ অালী, বজালী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গুনজিৎ বৰ্মন আৰু সৰুক্ষেত্ৰী সমষ্টি বিজেপিৰ বিস্তাৰক নৱজিৎ দাসে অংশগ্ৰহন কৰি ক্ৰীড়া সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে। 

Leave A Reply