Breaking

ভগৱানৰ ৰূপত ক্ৰিকেটাৰ মহম্মদ ছামী…

0 123

ক্ৰিকেটাৰ মহম্মদ ছামীৰ মহানুৱতা। বিপদত পৰা এজন লোকৰ বাবে ভগবান হৈ পৰিল ছামী। ৰাজপথত ৰক্ষা কৰিলে দুর্ঘটনাগ্রস্তৰ প্রাণ। মহম্মদ ছামীৰ সন্মুখত পাহাৰৰ পৰা বাগৰি পৰিল গাড়ী। বেগী বলাৰক দেখা গ’ল এনেদৰে সহায় কৰা। ছামীৰ চকুৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনা, পাহাৰৰ পৰা বাগৰি পৰিল এখন গাড়ী।
দুৰ্ঘটনাত আহতসকলক চিকিৎসা প্ৰদান কৰে, অৱশ্যে চালকজনে বিশেষ আঘাত পোৱা নাছিল। এটা ভিডিঅ’ জৰিয়তে জনাই এই কথা ছামীয়ে।


এই ভিডিঅ’টো শ্বেয়াৰ কৰি ছামীয়ে লিখিছে, ‘তেওঁ ভাগ্যৱান । ঈশ্বৰে তেওঁক দ্বিতীয় জীৱন দিলে। গাড়ীখন মোৰ চকুৰ সন্মুখতে নৈনীতালৰ পাহাৰীয়া পথটোৰে খহি পৰে। আমি পৰম সাৱধানে সিহঁতক গাড়ীৰ পৰা উলিয়াই আনিলোঁ। এই ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে শমীয়ে লগতে লিখিছে যে তেওঁ কাৰোবাৰ জীৱন ৰক্ষা কৰি অতি সুখী।

২০২৩ চনৰ বিশ্বকাপত দৃঢ় প্ৰদৰ্শনৰ পিছত তেওঁ নৈনিতালৰ মাজেৰে পাৰ হৈ গৈছিল এটা ইভেণ্টৰ বাবে। এই সময়ছোৱাত যাত্ৰা কৰি থাকোঁতে তেওঁৰ সন্মুখতে সংঘটিত হয় এই গাড়ী দুৰ্ঘটনা। শেহতীয়াকৈ তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও কিছু ছবি শ্বেয়াৰ কৰিছে। কওঁ যে ২০২৩ চনৰ বিশ্বকাপত তেওঁ আছিল সৰ্বাধিক উইকেট দখলকাৰী। বিশ্বকাপৰ ৭খন মেচত ২৪টা উইকেট দখল কৰে।


Leave A Reply