Breaking

মৈৰাবাৰীত আৰক্ষীৰ হাতৰ পৰা পলাল অপৰাধী

0 71

আৰক্ষীৰ হাতৰ পৰা মৈৰাবাৰীত পলাল ড্ৰাগছ বেপাৰী। উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া ১৪ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আশীকুল হক নামৰ কুক্ষ্যাত ড্ৰাগছ ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। হাতত হেণ্ডকাপ লৈ আৰক্ষীয়ে অলিয়ে গলীয়ে ঘূৰি ফুৰিছে ড্ৰাগছ ব্যৱসায়িক বিচাৰি।

দৃশ্য দেখিলে গম পাব যে কি অৱস্থা হৈছে মৈৰাবাৰী আৰক্ষীৰ। নাপায় হে নাপায় পলায়ন কৰা ড্ৰাগছ ব্যৱসায়িটোৰ সন্ধান। অসহায় আৰক্ষী।

বৃস্পতিবাৰে এনে এক নাভূত নাশ্ৰুত দৃশ্যৰ সাক্ষী হৈ ৰ’ল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ৰাইজ। মৈৰাবাৰী আৰক্ষীয়ে হেনো বৃস্পতিবাৰে এটি ড্ৰাগছ ব্যৱসায়িক লৈ আহিছিল স্বাস্থ্য পৰীক্ষাৰ বাবে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়লৈ।

কিন্ত আৰক্ষীৰ হাতৰ পৰা পলাল কুখ্যাত ড্ৰাগছ ব্যৱসায়িটো। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ ব্যৱসায়ীটো পলায়ন কৰাত লটি ঘটি লাগিল আৰক্ষীৰ।

চিকিৎসালয় আৰু কাষতে থকা বিদ্যালয় চৌহদৰ উপৰিও সম্ভাৱ্য সকলো স্থানতে বিচাৰিলে ড্ৰাগছ ব্যৱসায়ী টোক। নাই, ক’তো বিচাৰি নাপালে। হাতত হেণ্ডকাফ লৈ বিষন্ন মনে দেখা গ’ল আৰক্ষীক। অৱশেষত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী টোক।

Leave A Reply