Breaking

চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে

0 1,285

অনলাইন বাৰ্তা : এইবাৰ চেঞ্চুৰী মাৰিলে ৰোনাল্ডোৱে ৷ বিশ্বৰ দ্বিতীয় ফুটবলাৰ হিচাপে ৰাষ্ট্ৰীয় দলৰ হৈ এশ গ’ল দি নজিৰ গঢ়িলে ‘চি আৰ ছেভেন’-এ ৷ দেশৰ জাৰ্ছীত ৰোনাল্ডই ১০১ টা গ’ল পাছতে আছে পেলেৰ ৭৭, মেচিৰ ৭০ ৷ মাৰাদোনাৰ গ’লৰ সংখ্যা বহু কম ৷ উল্লেখ্য যে ৰোনাল্ডই এই গ’লেৰে বহু ৰেকৰ্ড ভংগ কৰে ৷ আনহাতে বহু পাছত ৰাখিলে তেওঁৰ চিৰপ্রতিদ্বন্দ্বী সকলক ৷ সকলোবোৰ ঠিকঠাক থকা হ’লে আগৰ মেচতে তেওঁ এশ গ’লৰ মাইল ফলক চুই দিলেহেঁতেন ৷ কিন্তু ক্ৰোয়েছিয়াৰ বিৰুদ্ধে সেই মেচৰ সময়তে সংক্ৰমণৰ বাবে খেলপথাৰত নামিব পৰা নাছিল পৰ্তুগীজ মহানায়কজনে ৷ মন কৰিব লগা যে গেলেৰী বক্সতে তেওঁ পৰ্তুগালৰ জয় দেখিছিল ৷ মঙলবাৰে উয়েফা নেচনছ কাপত ছুইডেনৰ বিৰুদ্ধে নিজৰ ছন্দত নামিছিল ক্রিশ্চিয়ানো ৰোনাল্ডৱে ৷ খেলখনত দুটাকৈ গ’ল কৰে ক্রিশ্চিয়ানো ৰোনাল্ডৱে ৷ ইয়াৰ লগে লগে তেওঁ এশ গ’ল অতিক্ৰম কৰি ফুটবলৰ ইতিহাসত এক নজিৰ গঢ়ে ৷ উল্লেখ্য যে ৰোনাল্ডৰ ওপৰত আছে ইৰানৰ ষ্ট্ৰাইকাৰ আলি দায়ী ৷ এইজন ইৰানৰ ফুটবলাৰে ১০৯ টা গ’ল কৰিছে ৷ খেলখনৰ প্ৰথমাৰ্ধৰ একেবাৰে শেষৰ সময়ত বক্সৰ বাহিৰৰ পৰা দুৰ্দান্ত ফ্ৰী কিকৰ পৰা আহে তেওঁৰ কেৰিয়াৰৰ শততম গ’ল ৷ দ্বিতীয়াৰ্ধৰ ৭২ মিনিটত তেওঁ দ্বিতীয়টো গ’ল কৰে ৷ ব্ৰুনোৰ পাছৰ সহায়ত তেওঁ এই গ’লটো কৰিবলৈ সক্ষম হয় ৷ এই মুহূৰ্তত চি আৰ ছেভেনৰ আন্তৰ্জাতিক গ’লৰ সংখ্যা ১০১ ৷ উল্লেখ্য যে ২০০৪ চনত ইউৰোপৰ গ্ৰীছৰ বিৰুদ্ধে দেশৰ হৈ প্ৰথম গ’ল কৰিছিল ৰোনাল্ডৱে ৷ তাৰ পাছত শততম গ’লটো কৰিবলৈ সময় লাগে ১৬ বছৰ৷ আনহাতে ১৮ বছৰ বয়সতে পৰ্তুগালৰ হৈ অভিষেক ঘটা ৰোনাল্ডৱে ১৭ বছৰৰ কেৰিয়াৰত জিকিছে দুটা আন্তৰ্জাতিক ট্ৰফী ৷ তদুপৰি কৰিছে সাতটাকৈ হেটট্ৰিক ৷ ইপিনে ১০০ টা গ’ল কৰাৰ পাচত ছচিয়েল মিডিয়াত তেওঁ স্পষ্টকৈ জনাই দিছে ইয়াতে থমকি নৰয় ৷ তেওঁ আলি দায়েৰ ৰেকৰ্ড ভাঙিব সেইটো নিশ্চিত ৷

Leave A Reply