Breaking

নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ ডেনমাৰ্কৰ ক্ৰাউন প্ৰিন্স ফ্ৰেডেৰিক আৰু ক্ৰাউন প্ৰিন্সেছ মেৰীক…

0 46

ডেনমাৰ্কৰ ক্ৰাউন প্ৰিন্স ফ্ৰেডেৰিক আৰু ক্ৰাউন প্ৰিন্সেছ মেৰীয়ে নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।তেওঁলোকক স্বাগতম জনাই জনাই ৰাষ্ট্ৰপতিয়ে কয় যে যোৱা কেইবছৰমানৰ পৰা ভাৰত-ডেনমাৰ্কৰ সম্পৰ্ক গভীৰ আৰু বিস্তৃত দুয়োটা দিশতে বৃদ্ধি পাইছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত দুয়োখন দেশে উৰ্ধমুখী ট্ৰেজেক্টৰী দেখা পাব বুলি আস্থা প্ৰকাশ কৰে।


ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে জলবায়ু পৰিৱৰ্তন এনে এক ক্ষেত্ৰ যাৰ ওপৰত ভাৰত আৰু ডেনমাৰ্কৰ মতামত আৰু স্বাৰ্থৰ অভিসৰণ আছে। তেওঁ কয়, ভাৰতে নিজকে জলবায়ুৰ প্ৰতি সঁহাৰি জনোৱা উন্নয়নৰ পথত সুগম কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে বহনক্ষম জীৱনশৈলী আৰু প্ৰকৃতিক সন্মানৰ বাবে ‘LiFE – Lifestyles For Sustainable Environment’ নামৰ এক নতুন মিছন আৰম্ভ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজে বিশ্বক এক পৰিয়াল হিচাপে একত্ৰিত কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে।

Leave A Reply