Breaking

পশ্চিমবংগ হৈ গুজৰাটলৈ অসমৰ পৰা যাত্ৰা চি আৰ পি এফৰ মহিলা বাইক ৰেলীৰ ; গুৱাহাটী , নলবাৰী, বঙাইগাঁৱত বিপুল আদৰণি

0 75


দেশৰ নাৰী শক্তিক আগবঢ়াই নিয়াৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে চি আৰ পি এফে অল ব’মেন বাইক এক্সপেডিচন-২০২৩’ দেশৰ বিভিন্ন প্রাস্তৰ পৰা আৰম্ভ কৰিছে। মহিলা বাইক ৰাইডাৰসকলে দেশৰ প্রায় ১০ হেজাৰ কিলোমিটাৰ অংশ স্পৰ্শ কৰি ৩১ অক্টোবৰত গুজৰাটৰ একতা নগৰত ষ্টেচু অব ইউনিটীত মিলিত হব।

ৰাষ্ট্ৰীয় একতা দিবস উপলক্ষে এই মহিলা বাইক ৰাইডাৰসকল ৩১ অক্টোবৰৰ দিনটোত উপস্থিত হ’ব। ইতিমধ্যে ৫ অক্টোবৰত দেশৰ ৩ স্থানৰ পৰা তিনিটা দলক পতাকা জোকাৰি যাত্ৰা আৰম্ভ কৰা হৈছে । শ্ৰীনগৰ, শ্বিলং আৰু কন্যাকুমাৰীৰ পৰা এই তিনিওটা দলে যাত্রা কৰিছে গুজৰাটলৈ বুলি। প্ৰত্যেকটো দলত মুঠ ২৫খনকৈ বাইক থাকিব আৰু ৫০গৰাকী মহিলা কনিষ্টবলে যাত্ৰা কৰিছে। উত্তৰ পূব মণ্ডলৰ পৰা ৫০ গৰাকী মহিলাৰ দ্বিতীয়টো বাইক ৰাইডাৰৰ দলক ৫ অক্টোবৰত শ্বিলঙত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে চি আৰ পি এফৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান বি কে সিঙে। অনুষ্ঠানত উত্তৰ- পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা মহিলাসকলক আদৰণি অাৰু সম্বৰ্ধনা জনায়।

ইয়াৰ পাছতে মহিলা বাইক আৰোহীসকল সিদিনা আহি গুৱাহাটীৰ নমাইলস্থিত গ্ৰুপ চেণ্টাৰত নিশা যাপন কৰে। সিদিনা বিয়লি কেন্দ্ৰীয় বিদ্যালয়ৰ ল’ৰা-ছোৱালীসকলৰ সৈতে মিলিত হয়। ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানক অধিক প্ৰসাৰিত কৰাৰ বাবেই এই কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে মহিলা বাইক ৰাইডাৰসকলক ‘যশ্বস্বিনী ৰূপে নামাংকন কৰা হৈছে আৰু তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা তথা চি আৰ পি এফৰ পতাকা উৰুৱাই লৈ হৈছে বাইকত। চি আৰ পি এফৰ দেশ কে হম হো ৰক্ষক’ শীৰ্ষক বাৰ্তা কঢ়িয়াই লৈ অল ব’মেন মটৰচাইকেল এক্সপেডিচন-২০২৩ৰ দলটোক ৬ অক্টোবৰত নমাইলত পতাকা জোকাৰি যাত্ৰাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ শক্তি, সমবায়, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছাই। অনুষ্ঠানত চি আৰ পি এফৰ মহাপৰিদৰ্শক (চিকিৎসা) ডাঃ অমিয় ৰঞ্জন সৰকাৰ, উত্তৰ-পূব মণ্ডলৰ ডি আই জি অৰুণেন্দৰ প্ৰতাপ, গুৱাহাটীৰ গ্রুপ চেণ্টাৰৰ ডি আই জি মানস ৰঞ্জন তথা চি আৰ পি এফৰ আন বহু জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।

ইফালে মহিলা দলটোৱে গুৱাহাটীৰ পৰা পোনে পোনে নলবাৰী অভিমুখে যাত্ৰা কৰি তাত থকা চি আৰ পি এফৰ ১৩৬ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়লৈ যায়। তাত দলটোক বিপুল আদৰণি জনোৱা হয়। তাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বিয়লি বঙাইগাঁও অভিমুখে যাত্ৰা কৰি নিশাটো তাতে কটায়। আজি বঙাইগাঁওৰ পৰা দলটো পশ্চিমবংগ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। দলটোৱে প্ৰতিখন ৰাজ্যত এদিন বা দুদিন নিশা যাপন কৰি নিৰ্ধাৰিত সূচী অনুসৰি গুজৰাট অভিমুখে যাত্ৰা কৰি থাকিব বুলি চি আৰ পি এফৰ এক সূত্ৰই সদৰি কৰিছে ।

Leave A Reply