Breaking

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত

0 1,320

উজনি-মাজুলী, ২৫ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা আৰু ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত উঠিছে | সাংস্কৃতিক বিকাশ মঞ্চ,অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই জনোৱা মতে সমগ্ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে ধৰ্মান্তৰিত হোৱা মাজুলীৰ খ্ৰীষ্টান লোকেসকলে যিসময়ত বৰদিন উদযাপনৰ কৰিছে ঠিক তেনেসময়ত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত নামনি চেৰেপাই অঞ্চলত এচাম কনকন শিশু-কিশোৰৰ নৃত্যৰে প্ৰাণ পাই উঠিছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি ‘ৰাম বিজয়’নাটে | কোনোদিন অঙ্কীয়া নাট বা প্ৰশিক্ষণৰ উমান নোপোৱা এইসকল কণকণ শিশুৰ নৃত্য – গীত বা সংস্কৃত ভাষাৰ সংলাপ শুনিলে সকলো সংস্কৃতিবান লোকৰে মন-প্ৰাণ ভৰি পৰিব | ‘  মিচিং জনজাতি অধ্যূষিত এই অঞ্চলত এসময়ত এচাম লোকৰ প্ৰৰোচনাত বহুলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যদিও  সংস্কৃতিবান মিচিং লোকসকলৰ উদ্যমী পদক্ষেপৰ ফলত স্ব-ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ আৰু নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ অভিজাত পৰিচয় দাঙি ধৰি আহিছে | প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা অংকীয়া নাট আৰু ভাওনাৰ কৰ্মশালাত তিনিকুৰিৰোধিক ছাত্ৰ-ছাত্ৰী আৰু সমানে অভিভাৱকসকলৰ উপস্থিতিৰে যোৱা এমাহ কাল কৰ্মশালা আৰু প্ৰশিক্ষণ চলি আছে | সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট পৰিচালক গোলাপ বৰুৱা বৰবায়ন, বিশিষ্ট সাংস্কৃতিক কৰ্মী, প্ৰশিক্ষক মালভোগ শইকীয়া, সাংস্কৃতিক কৰ্মী যদু শইকীয়াৰ পৰিচালনাত আজিও পূৰ্ণগতিত চলিছে নাট কৰ্মশালা | দীক্ষান্ত সমাৰোহৰ দিনা মঞ্চস্থ হ’বলগীয়া ‘ ৰাম বিজয়’নাট উপভোগৰ বাবে সুধী-সজ্জন সমস্তজনকে নিমন্ত্ৰণ জনাইছে মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই | স্থানীয় বিশিষ্ট সমাজ-কৰ্মী ভৰত পেগু, বুদ্ধিন পেগু, কৃষ্ণ পেগু প্ৰমুখ্যে ব্যক্তিসকলেও সচেতন সংস্কৃতি-প্ৰেমী লোক আৰু বিশিষ্ট লোকসকলে কৰ্মশালাটি আগবঢ়োৱা কাৰ্যটিৰ ভূয়সী প্ৰশংসা কৰিছে |

Leave A Reply