Breaking

বিলাসীপাৰাত সামৰণি পৰিল সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা…

0 47

আজি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে সোৱঁৰণী প্ৰেক্ষাগৃহত নৃত্য আৰু গীতৰ  মহাসংগ্ৰাম প্ৰতিযোগিতাত  মুখ্য অতিথি হিচাবে  অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন  অশোক কুমাৰ সিংহী উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ হাতত মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।

যোৱা ৫ ডিচেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিলাসীপাৰা বিধান সভা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানটোত প্ৰায় ২২ খন গাওঁ পঞ্চায়ত আৰু ২ খন পৌৰসভা পৰ্যায়ত সংগীত প্ৰতিযোগিতাত অসংখ্য প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিখন পঞ্চায়তৰ পৰা ৩জনকৈ প্ৰতিযোগী মুঠ ৭২ জন নিৰ্বাচিত  হৈছিল।যোৱা ১৭ আৰু ১৮ তাৰিখত বিলাসীপাৰা পূৱ বিধান সভা পৰ্যায়ৰ প্ৰতিযোগিতাত এই সকল

প্ৰতিযোগীয়ে নৃত্য আৰু গীত পৰিবেশন কৰিছিল। আজি সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক উৎসাহিত কৰি মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয়।

বিজয়ী প্ৰতিযোগী সকল পৰবৰ্তীকালত ধুবুৰী জিলা পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব বুলি সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ আহ্বায়ক কাজল দাসে জানিবলৈ দিয়ে।দাসে অনুষ্ঠানটিত সহযোগ কৰা বিচাৰক মণ্ডলী,বাদ্যযন্ত্ৰী শিল্পী সকললৈ ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে,সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাত জ্যোতি,বিষ্ণু,ভূপেন্দ্ৰ  ৰবীন্দ্ৰ সঙ্গীত আৰু জনগোষ্ঠীয় নৃত্য সন্নিৱিষ্ট কৰা হৈছিল।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদক।

Leave A Reply