Breaking

এ এছ এফ এফ ডি চিৰ দুদিনীয়া চলচ্চিত্র নির্মাণ বিষয়ক কৰ্মশালা উদ্ধোধন সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ

0 106

অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম লিমিটেড(এ এছ এফ এফ ডি চি)ৰ উদ্যোগত স্হানীয় অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত দুদিনীয়াকৈ আয়োজিত চলচ্চিত্র বিষয়ক এখনি আলোচনাচক্ৰ আনুস্থানিক ভাৱে আজি উদ্ধোধন কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই।


এএছ এফ এফ ডি চিৰ অধ্যক্ষ সীমান্ত শেখৰ, উপাধ্যক্ষ আলেক্ষ্য বৰুৱা, পৰিচালন সঞ্চালক মণিদিপা বৰকটকীৰ লগতে ভালেসংখ্যক অংশগ্রহণকাৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে মন্ত্রী বড়াই কৰ্মশালাখন উদ্ধোধন কৰে। তেওঁৰ উদ্ধোধনী ভাষণত মন্ত্রী গৰাকীয়ে বিশ্বৰ শক্তিশালী গণমাধ্যম চলচ্চিত্র এতিয়া কেৱল এটা মনোৰঞ্জনৰ মাধ্যমেই হৈ থকা নাই বুলি উল্লেখ কৰি ই মানৱ জীৱনৰ সকলো দিশেই সামৰি মানুহৰ চিন্তন মননকে গভীৰ ভাৱে প্ৰভাৱান্বিত কৰিছে বুলি কয়।


সম্প্ৰতি চলচ্চিত্রই পৰ্যটন, যোগাযোগ তথা হোটেল উদ্যোগৰ বিকাশতো গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰি মন্ত্রী বড়াই অসমীয়া চলচ্চিত্ৰক এটা সম্পূর্ণ উদ্যোগত পৰিণত কৰাৰ বাবে এএছ এফ এফ ডিচিয়ে কেতবোৰ ফলপ্রসূ আচনি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ আমাৰ ৰাজ্য খনৰ শৌৰ্য বীর্যক চলচ্চিত্রৰ জৰিয়তে উদ্ভাসিত কৰি তোলাৰ ক্ষেত্রত এএছ এফএফ ডি চিৰ দায়িত্ব আছে বুলি ও মন্ত্রী বড়াই কয়।


উল্লেখযোগ্য যে অসম তথা উত্তৰ-পূৱৰ চলচ্চিত্র উৎসাহী সকলক চলচ্চিত্ৰৰ সংগীত আৰু শব্দ, কাহিনী আৰু চিত্রনাট্য লিখা, পৰিচালনা আৰু চলচ্চিত্র নির্মাণৰ ওপৰত দুদিন ধৰি কৰ্মশালাখনত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কৰ্ম শালাখনৰ সমল ব্যক্তি হিচাপে অংশ কৰিব ক্ৰমে মুম্বাই চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত ললিত পণ্ডিত, দেবজিৎ চাংমাই,ফিল্ম মিক্সিং ইঞ্জিনিয়াৰ অমৃত প্ৰিতম, চাউণ্ড ইঞ্জিনিয়াৰ ধ্ৰুৱ জ্যোতি ফুকন, গায়ক -চলচ্চিত্র পৰিচালক জুবিন গাৰ্গ আৰু অভিনেতা -পৰিচালক যতীন বৰাই

Leave A Reply