Breaking

জোতাৰ আকৃতিৰ কেক কাটি কৰীনা কাপুৰে পাহৰি গ’ল প্ৰকৃত আৰু নকল জোতাৰ পাৰ্থক্য…

0 84

কৰীনা কাপুৰে প্ৰকৃত আৰু নকল জোতাৰ পাৰ্থক্য পাহৰিলে, জোতাৰ আকৃতিৰ কেক কাটি থাকোঁতে ভয় খালে!
শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হোৱা জোতাৰ প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানে, য’ত তেওঁক প্ৰকৃত আৰু ভুৱা জোতাৰ পাৰ্থক্য পাহৰি যোৱা দেখা গৈছিল। ভিডিঅ’টো চাওক-

বি-টাউনৰ গ্লেমাৰাছ কুইন কৰীনা কাপুৰ খান শেহতীয়াকৈ উপস্থিত হৈছে এখন জোতাৰ দোকানৰ প্ৰচাৰৰ বাবে। মুম্বাইত ফুটৱেয়াৰ ফিজি গবলেটৰ প্ৰচাৰ অনুষ্ঠানত লাইমলাইটলৈ আহিল কৰীনা কাপুৰ। তেওঁ নিজৰ ষ্টাইলত জোতাৰ প্ৰচাৰ কৰিছিল। এই অনুষ্ঠানৰ এটা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে, য’ত অভিনেত্ৰীগৰাকীয়ে প্ৰকৃত আৰু ভুৱা জোতাৰ মাজত বিভ্ৰান্ত হোৱা দেখা গৈছে।


অনুষ্ঠানত উপস্থিত হোৱা কৰীনা কাপুৰেও কেক কাটিলে। এই সময়ছোৱাত জোতাৰ আকৃতি কেক কটাৰ সময়ত অভিনেত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। অনুষ্ঠানত কেক কাটি থকাৰ সময়ত কৰীনা কাপুৰক হাইপাৰ ৰিয়েলিষ্টিক জোতা আকৃতিৰ কেক আৰু প্ৰকৃত জোতা পিন্ধি যথেষ্ট বিভ্ৰান্ত যেন লাগে। জোতাৰ আকৃতিৰ কেক এটা কাটি আচৰিত লাগিল কৰিণাৰ। কিন্তু জোতা আকাৰৰ কেক খাবলৈ ভয় লাগিল কৰীনা কাপুৰৰ।

কৰীনা কাপুৰৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কবলৈ গ’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল আমিৰ খানৰ ছবি ‘লাল সিং চাদ্ধা’ত। অতি সোনকালে ৰিয়া কাপুৰৰ ছবি ‘দ্য ক্ৰু’ত টাবু আৰু কৃতি ছাননৰ সৈতে দেখা যাব। ইয়াৰ উপৰিও কৰীণা অ’টিটিৰ জগতখনতো ভৰি দিবলৈ ওলাইছে।

Leave A Reply