Breaking

‘চিত্ৰাঙ’ৰ বাবে মেঘালয়ত ‘হাই এলাৰ্ট’; ৪ খন জিলাত বিদ্যালয় বন্ধ

0 63

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে মেঘালয়ৰ বহু ঠাইত নিৰন্তৰ বৰষুণৰ লগতে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব।

মেঘালয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে, কাৰণ ঘূৰ্ণীবতাহ চিত্ৰাঙে ৰাজ্যৰ বহু ঠাইত প্ৰচণ্ড বৰষুণ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে বুলি দেওবাৰেই কৰ্তৃপক্ষই প্ৰকাশ কৰে। বাংলাদেশৰ সীমান্তৱৰ্তী কমেও চাৰিখন জিলাত প্ৰশাসনে চিত্ৰাঙৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

জিলা কেইখন হৈছে পূব আৰু পশ্চিম জয়ন্তীয়া পাহাৰ, পূব খাচী পাহাৰ, আৰু দক্ষিণ পশ্চিম খাচী পাহাৰ। আন জিলাসমূহক সকলো ক্ষেত্ৰ বিষয়াক সকলো সময়তে সতৰ্ক কৰি ৰাখিবলৈ, পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু জৰুৰীকালীন অৱস্থাত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি বিষয়াসকলে জনায়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে মেঘালয়ৰ বহু ঠাইত নিৰন্তৰ বৰষুণৰ লগতে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যৰ যিকোনো প্ৰান্তত যিকোনো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিজৰ জনশক্তি আৰু মেচিন সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।

সমগ্ৰ উত্তৰ-পূবাঞ্চলত গোটেই সোমবাৰে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ ফলত বিদ্যুৎ যোগানত সামান্য ব্যাঘাত জন্মে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, টিংকোনা দ্বীপ আৰু বৰিশালৰ সমীপৰ ছেণ্ডৱিপৰ মাজত বাংলাদেশৰ উপকূল পাৰ হোৱাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহ।

Leave A Reply