Breaking

দঃ আফ্রিকাৰ বিৰুদ্ধে এদিনীয়ালৈ ভাৰতীয় দল ঘোষণা

0 2,028

দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অহা ১৯ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াক নেতৃত্ব দিব তাৰকা অ’পেনাৰ লোকেশ ৰাহুলে৷ শেহতীয়াকৈ ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক নিযুক্ত ৰোহিত শর্মাই আঘাতৰ পৰা আৰোগ্য লাভ নকৰাত ৰাষ্ট্রীয় নির্বাচক মণ্ডলীয়ে ৰাহুলৰ কান্ধত এই গুৰুদায়িত্ব অর্পণ কৰিছে৷ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহক শৃংখলাটোৰ বাবে টীম ইণ্ডিয়াৰ সহঃ অধিনায়ক নিযুক্ত কৰা হৈছে৷ উল্লেখ্য যে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলালৈ প্রস্তুতি চলাই থকাৰ সময়তে ৰোহিত শর্মাই হেমষ্ট্রিঙৰ আঘাতৰ সন্মুখীন হৈছিল৷ শেহতীয়াকৈ তেওঁ বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত নিজকে সুস্থ কৰি তোলাৰ প্রক্রিয়া চলাই আছিল৷ কিন্তু সময় মতে সুস্থ হৈ উঠিব নোৱাৰাত ৰোহিত এদিনীয়া শৃংখলাৰ পৰাও বাহিৰ হয়৷ টেষ্ট শৃংখলাত চমকপ্রদ বলিং প্রদর্শন দাঙি ধৰা তাৰকা বেগী বলাৰ মহম্মদ ছামিক এদিনীয়া শৃংখলাত বিশ্রাম দিয়া হৈছে৷

ইফালে, তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজা আৰু অক্ষৰ পেটেল এতিয়াও আনফিট হৈ আছে৷ মন কৰিবলগীয়া যে বিৰাট কোহলিয়ে বিগত আই চি চি টি–২০ বিশ্বকাপৰ পিছতে ভাৰতীয় টি–২০ দলৰ নেতৃত্বৰ পৰা অব্যাহতি লয়৷ ইয়াৰ পিছতে বিচিচিআয়ে শেহতীয়াকৈ কোহলিক আঁতৰাই ৰোহিত শর্মাক এদিনীয়া দলৰ অধিনায়ক নিযুক্ত কৰে৷ দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাত ৰোহিতে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব গ্রহণৰ কথা আছিল৷ কিন্তু আঘাতৰ বাবে তেওঁ দক্ষিণ আফ্রিকালৈ যাব নোৱাৰিব৷ দলটোঃ ৰাহুল (অধিনায়ক), শিখৰ ধাৱন, ৰুতুৰাজ গাইকোৱাড, বিৰাট কোহলি, শ্রেয়াছ আয়াৰ, সূর্য কুমাৰ যাদৱ, ভেংকটেশ আয়াৰ, ঋষভ পণ্ট, ঈশান কিষণ, ৰবিচন্দ্রন অশ্বিন, য়ুজবেন্দ্র চাহাল, ৱাশ্বিংটন সুন্দৰ, যশপ্রীত বুমৰাহ, ভুবনেশ্বৰ কুমাৰ, দীপক চহৰ, প্রসিদ্ধ কৃষ্ণ, শার্দূল ঠাকুৰ আৰু মহম্মদ ছিৰাজ৷

Leave A Reply