Breaking

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদান…

0 20

প্ৰতিথযশা সাহিত্যিক ইমৰান শ্বাহক ডি লিট প্ৰদান
বিশিষ্ট লোকবোধ্য বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক ডি এচ চি প্ৰদান
গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সম্পন্ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ
দেশৰ উচ্চশিক্ষা খণ্ডলৈ অপৰিসীম অৱদান আগবঢ়াই অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি সম্পন্ন হয় বিশ্ববিদ্যালয়খনৰ ২২ সংখ্যক দীক্ষান্ত সমাৰোহ। এই সমাৰোহত সভাপতিত্ব কৰে অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য গুলাব চন্দ কটাৰিয়াই। সভাপতিৰ ভাষণত আচাৰ্যগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুণগত শৈক্ষিক মানৰ ভূয়সী প্ৰশংসা কৰে আৰু সময়ৰ দাবীৰ প্ৰতি সঁ‌হাৰি জনাই আগবাঢ়ি যাবলৈ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায়। ভাষণ প্ৰসংগত আচাৰ্যগৰাকীয়ে কয় – ‘মই আনন্দিত যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ ৰূপায়ণ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত

চাৰিবছৰীয়া আণ্ডাৰগ্ৰেজুৱেট কাৰ্যসূচী আৰম্ভ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু চলিত বৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পাঁ‌চ বছৰীয়া ইনটিগ্ৰেটেড স্নাতক কাৰ্যসূচী আৰম্ভ হ’ব। ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ ৰ মূল ধাৰণাৰ সৈতে সম্পৰ্কিত এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলক গুৰু, লঘু, বহুমুখী, আন্তঃমুখী, কৌশলনিৰ্ভৰ আৰু মূল্যবোধৰ শিক্ষা আহৰণত প্ৰভূত সুযোগ প্ৰদান কৰিব।’ গাম্ভীৰ্যপূৰ্ণ এই দীক্ষান্ত সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পিলানীস্থিত ‘বিৰলা ইনষ্টিটিউট অফ টেকল’লজি এণ্ড চায়েন্স’ৰ সঞ্চালক তথা বিশিষ্ট শিক্ষাবিদ প্ৰাধ্যাপক সুধীৰ কুমাৰ বৰই। মুখ্য অতিথিৰ মনোজ্ঞ দীক্ষান্ত ভাষণত শিক্ষাবিদগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু আনুভূতিক দিশক সামৰি সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্বাৰোপ কৰে। আদৰণি ভাষণত উপাচাৰ্য প্ৰাধ্যাপক

জিতেন হাজৰিকাই প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ১০০ কোটিৰ অনুদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। এই সমাৰোহতে অসমৰ সাহিত্য জগতলৈ বিশিষ্ট অৱদান আগবঢ়োৱা প্ৰতিথযশা সাহিত্যিক ইমৰান শ্বাহক তেখেতৰ বিৰল প্ৰতিভাৰ স্বীকৃতি হিচাপে সন্মানীয় ডি. লিট. (D.Litt.) ডিগ্ৰী প্ৰদান কৰা হয়। অৱশ্যে শাৰীৰিক অসুস্থতাৰ বাবে সাহিত্যিকগৰাকী এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। লগতে লোকবোধ্য বিজ্ঞান লেখনৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতি হিচাপে ক্ষীৰধৰ বৰুৱাক ডি. এচচি. (D.Sc.) সন্মান প্ৰদান কৰা হয়। এই দীক্ষান্ত সমাৰোহত ১,৩৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক বিভিন্ন শৈক্ষিক ডিগ্ৰী প্ৰদান কৰা হয়। তাৰে ৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। মুঠ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ শৈক্ষিক উৎকৰ্ষৰ স্বীকৃতি হিচাপে স্বৰ্ণ পদক প্ৰদান কৰা হয়। তাৰ মাজৰে ৩৩ গৰাকীয়ে শ্ৰেষ্ঠ স্নাতকোত্তৰ শিতানত আৰু ৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক’লা, বিজ্ঞান আৰু বাণিজ্যৰ শ্ৰেষ্ঠ স্নাতকৰ শিতানত স্বৰ্ণ পদক লাভ কৰে। তদুপৰি নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীগৰাকীয়ে ‘ড°জোনালী ক্ৰপী মেম’ৰিয়েল গল্ড মেডেল আৰু এণ্ডাউমেন্ট এৱাৰ্ড’ লাভ কৰে। উল্লেখযোগ্য যে, ১৯৬৫ চনত স্থাপন হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে দেশৰ এই অংশত শিক্ষাৰ প্ৰসাৰৰ বাবে স্থাপন হোৱা অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰু প্ৰতিষ্ঠাৰ দিন ধৰি জ্ঞানৰ সম্প্ৰসাৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বলিষ্ঠ ভূমিকা পালন কৰি আহিছে।

Leave A Reply