Breaking

ডবকাত আৰক্ষীৰ অভিযানত কোটি টকাৰ হেৰইন জব্দ

0 1,034

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ ৰাজ্যৰ সৰ্বত্ৰে সৰ্বগ্ৰাসী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়ত হোজাই জিলাৰ ডবকা আৰক্ষীৰ অভিযানত ধৰা পৰে অনুমানিক পাঁচ কোটি টকা বজাৰ মূল্যৰ নিষিদ্ধ হেৰইন ৷ হোজাই জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, নাগালেণ্ডৰ ডিমাপুৰৰ পৰা এখন ব্যক্তিগত বাহনৰ জৰিয়তে এটা চক্ৰই হেৰইন সৰবৰাহ কৰি থকাৰ তথ্য এক গোপন সূত্ৰৰ পৰা লাভ কৰে ৷ সেই মতে, আৰক্ষী অধীক্ষক গৰাকীয়ে ডবকা আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে ৷ হোজাই জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিঙে ২৩ ডিচেম্বৰৰ দিনা অভিযান চলাই AS 10 E 4078 নম্বৰৰ বলেনো গাড়ী এখন জব্দ কৰে ৷

আৰক্ষীয়ে গাড়ীখন জব্দ কৰি তন্নতন্নকৈ পৰীক্ষা কৰে যদিও হেৰইনখিনি উদ্ধাৰ কৰাত বিপাঙত পৰে ৷ এটা সময়ত গাড়ীখনৰ বডিৰ তলত এটা পৃথক চেম্বাৰ থকা দেখি সেইটো খোলাৰ লগে লগে ৰহস্য উদঘাটন হয় ৷ গাড়ীখনৰ গোপন চেম্বাৰৰ পৰা ৬১ টা প্লাষ্টিকৰ বাকচত ভৰ্তি নিষিদ্ধ হেৰইনখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ ৭৭০ গ্ৰাম ওজনৰ হেৰইনখিনি জব্দ কৰাৰ লগতে গাড়ীখনত থকা দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মোহাম্মদ ইমৰান আৰু মুকেশ বৰ্মন ৷ দুয়োৰে প্ৰকৃত ঘৰ বিহাৰত যদিও বৰ্তমান স্থায়ীভাৱে বাস কৰে নাগালেণ্ডৰ ডিমাপুৰত ৷ নিষিদ্ধ হেৰইনখিনি ডিমাপুৰৰ পৰা ঘাইপথেৰে ডবকা হৈ শিলচৰৰ পৰা আগৰতলালৈ সৰবৰাহৰৰ চেষ্টা কৰিছিল ৷ অৱশ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ উদ্দেশ্য সফল হব দিয়া নাই ৷ হোজাই জিলা আৰক্ষীয়ে দুয়োজন লোকক এন.ডি.পি.এছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ 

Leave A Reply