Breaking

দেউতা, আপুনি সপোন দেখিছিলঃ একবিংশ শতিকাৰ আধুনিক ভাৰতৰ! পিতৃক স্মৰণ ৰাহুল-প্ৰিয়ংকাৰ…

0 19

দেউতা, আপুনি সপোন দেখিছিল-একবিংশ শতিকাৰ আধুনিক ভাৰতৰ, স্বাৱলম্বী ভাৰতৰ, প্ৰযুক্তি আৰু বিজ্ঞান সমৃদ্ধ মহাশক্তিৰ, দক্ষ যুৱ-শক্তি ভাৰতৰ, আই টি, শিক্ষা আৰু অৰ্থনীতিৰ মহাশক্তি ভাৰতৰ। তথ্য বিপ্লৱ, যোগাযোগ বিপ্লৱ, কাৰিকৰী বিপ্লৱ আৰু পঞ্চায়তী শাসনৰ জৰিয়তে আপুনি দেশক নতুন শতিকালৈ লৈ আহিছিল। আপোনাৰ সপোনে ভাৰতক একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ কেনেদৰে প্ৰস্তুত কৰিলে সেয়া চাব পাৰিলে ভাল আছিল! আপোনাৰ সপোন আৰু আদৰ্শক আগুৱাই নিবলৈ চেষ্টা কৰিম। এইদৰে পিতৃক স্মৰণ কৰি সামাজিক মাধ্যমত লিখিলে প্ৰিংয়কা গান্ধী ভাদ্ৰাই।

আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিৱস। ৰাজীৱ গান্ধীৰ মৃত্যু দিৱস।

প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক আজিৰ দিনটোত স্মৰণ কৰি পুত্ৰ, কন্যা আৰু পত্নীয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে মল্লিকাৰ্জুন খৰ্গেও।

আনহাতে ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমত পিতৃৰ মৃত্যুবাৰ্ষিকীত লিখিলেঃ দেউতা, তোমাৰ সপোন, মোৰ সপোন, আপোনাৰ আকাংক্ষা, মোৰ দায়িত্ব। তোমাৰ স্মৃতিবোৰ, আজি আৰু সদায়, চিৰদিনৰ বাবে মোৰ হৃদয়ত।

Leave A Reply