Breaking

দৈনন্দিন বাৰ্তা বাতৰি প্ৰভাৱ,বিহালীত বনজ সম্পদ লুন্ঠনঃ জব্দ অবৈধ বালি কঢ়িওৱা ৩ খন ট্ৰেক্টৰ

0 2,105

পূব শোণিতপুৰ বন সংমণ্ডলৰ অন্তৰ্গত বৰগাং বনাঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত একাংশ  বন কৰ্মী গুৰুত্বহীণৰ  বাবে এতিয়া সুবিধা লৈছে একাংশ শিল বালি সৰবৰাহকাৰীয়ে।
 বৰগাং বনাঞ্চলিক কাৰ্যালয়ত পূৰ্বে থকা ৪ নং বালি মহলটো বুৰৈ নদীৰ বুৰৈ দলং আৰু ৰেল দলংৰ লগতে তলতে একাংশ বালি সৰবৰাহকাৰীয়ে অবৈধ ভাৱে বালি সৰবৰাহ কৰি থকা বাতৰি ৫ মে’ত  প্ৰকাশ পাইছিল একমাত্ৰ  দৈনন্দিন বাৰ্তা ।
বাতৰিত প্ৰকাশ পোৱা ধৰনে  বুৰৈ নদীৰ ৪ন‌ং আৰু ৩নং শিল বালিৰ মহলটোৰ পৰা একাংশ লোকে  চালান অবিহনে আৰু অবৈধ ভাৱে বালি শিল খনন  কৰি আহিছিল।উক্ত   শিল-বালি অবৈধ খনন  সংগ্ৰহ কৰি থকাৰ পাচতো উক্ত অঞ্চলটো  দায়িত্ব থকা  বন বিভাগৰ লোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰি  মৌনতা অৱলম্বন কৰি থকা কাৰ্য একমাত্ৰ দৈনন্দিন বাৰ্তাই পোহৰলৈ আনিছিল তথ্য সহকাৰে ।তথ্য সহকাৰে ৫ মে’ত  বাতৰি প্ৰকাশ পোৱা পাছতে গা লৰিল বৰগাং বনাঞ্চলিক কাৰ্যালয় বন বিষয়াকে ধৰি বন কৰ্মী সকলৰ । শনিবাৰে   বৰগাঙৰ বনাঞ্চলিক কাৰ্যালয়  বন পালক এক ৰাজেন দাসৰ নেতৃত্বত পুৱা ৫ মান বজাত বন কৰ্মীৰ এটা  দলে বুৰৈ নদীৰ পৰা অবৈধ ভাৱে খনন কৰি বালি  কঢ়িয়াই নিয়া এখন বালি ভৰ্তি টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয়। ইফালে তাৰ পাছতে  পুৱা  ১০ মান বজাত আন এটা  বন কৰ্মী দলে উক্ত স্থানৰ ৪ নং বালি  মহলটো পৰাই  পুনৰ ২ খন অবৈধ ভাৱে বালি সংগ্ৰহ কৰা টেক্টৰ  জব্দ কৰি কাৰ্যালয়লৈ আহে।
উল্লেখযোগ্য যে বাতৰি প্ৰকাশ পোৱা পাছতে বৰগাং বন বিভাগৰ লোকৰ  এনে তৎপৰতা এতিয়া সৰ্বতে চৰ্চাৰ লাভ কৰিছে।বাতৰি প্ৰকাশ পোৱা পাছতে  এটা দিনতে বুৰৈ নদীৰ পৰা অবৈধ ভাৱে  বালি সৰবৰাহ কৰা   চালান নোহোৱা বালি ভৰ্ত্তি ট্ৰেক্টৰ জব্দ কৰা কাৰ্যই  তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।‌আনহাতে আন এক অভিযোগ উঠিছে বুৰৈ নদীৰ ৪ নং মহলটো পৰা দীৰ্ঘদিন ধৰি  একাংশ শিল বালি সৰবৰাহকাৰীয়ে  বন বিভাগৰ একাংশ লোকক  চকুত ধূলি দি নি আছিল যদিও  যোৱা দুটা দিনত বন বিভাগৰ তৎপৰতা ফলত  উক্ত মহলটো পৰা  অবৈধ বালি খনন কৰা কিছু  পৰিমাণে হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে।উল্লেখযোগ্য যে   বুৰৈ নদীৰ লালপুখুৰী, বুৰৈ দলংৰ কাষত, বুৰৈ নদীৰ ৪ নং মহলৰ পূৰ্ব দিশত, ৰৌমাৰি, আদি অঞ্চলত পূৱা ভাগত একাংশ  টেক্টৰ চালকে  শিল বালি সৰবৰাহ কৰিবলৈ একাংশই বিভিন্ন কৌশল ৰচনা কৰাও পৰিলক্ষিত হৈছে ।এই ক্ষেত্ৰত যদি পূৰ্ব শোণিতপুৰ বন সংমণ্ডল বিষয়া গৰাকী আৰুবৰগাং বনাঞ্চলিক বিষয়া কঠোৰ নহয় তেন্তে পুনৰ উক্ত অঞ্চলত পূৰ্বৰ দৰেই অবৈধ বালি খনন সৰবৰাহ কৰিবলৈ সুযোগ গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে ।সেইহে উক্ত নদী খনৰ মহলটো ওপৰত চোকা নজৰ দিবলৈ বন বিভাগক আহ্বান জনাইছে বিভিন্ন দল সংগঠনে।

Leave A Reply