Breaking

ৰাষ্ট্ৰীয় গেমচলৈ নিৰ্বাচিত দৰঙৰ চম্পক ডেকা

0 2,033

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হয় । দেওমৰনৈ স্নাতক মহাবিদ্যালয়ত চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ তথা তেজপুৰ আই টি আইত শিক্ষা গ্ৰহণ কৰি আহিছে স্থান লাভ কৰা চম্পক ডেকাই। এগৰাকী মাৰাথান দৌৰবিদ হোৱাৰ আশাৰে নিয়মিত অভ্যাস কৰি অহা চম্পক ডেকাই অসম তথা দৰঙৰ যিকোনো মাৰাঠান দৌৰত অংশ লৈ খিতাপ দখল কৰি আহিছে। আমাৰ দৈনন্দিন বাৰ্তাৰ মঙলদৈৰ প্ৰতিনিধিয়ে চম্পক ডেকাৰ  যোগাযোগ কৰাত জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাত পুৰস্কাৰ হিচাবে নহয় অভ্যাস কৰাৰ লেখীয়াকৈ সকলোতে অংশগ্ৰহণ কৰি আহিছে। সৌভাগ্যক্ৰমে অধিকাংশতে প্ৰথম স্হানো অৰ্জন কৰি আহিছে বুলি জানিবলৈ দিয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকৰ পিতৃ মাতৃয়ে দিন হাজিৰা কৰি ঘৰ চলাই আহিছে । চম্পকে জিলাৰ বাহিৰত খেলত অংশ গ্ৰহণ কৰিবলৈ গ’লে সম্পৰ্কীয় বাইদেউ আৰু দুই এজনৰ পৰা পইচা লৈ যায় এতিয়া গুৱাহাটীত প্ৰশিক্ষণৰ বাবে যাব লগা হোৱাত বিপাঙতো পৰিছে চম্পক ডেকা আৰ্থিকভাবে । অহা-যোৱা কৰাৰ লগতে খেলৰ সাজ পোচাক লোৱাকে ধৰি থকাৰ কথাইয়ো চিন্তাত পেলাইছে দৰিদ্ৰ পৰিয়ালৰ সন্তান চম্পকক। ১৯ বছৰীয়া চম্পকৰ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণৰ স্থান লাভ কৰাত আৰ্শীবাদ তথা শুভেচ্ছা জ্ঞাপন কৰে সদৌ দৰং জিলা ছাত্ৰ, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থা,ৰেনেচাঁ ক্লাব বাঘৰবাৰী , দেওমৰনৈ ক্ৰীড়া সন্থা,দৰং জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰনেতা খনিন্দ ৰাজবংশী, সুশীল সুত্ৰধৰ, ভবেশ কাকতিৰ, নিৰঞ্জন শইকীয়া, পৰাগ চহৰীয়া ,  লগতে দৰঙৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে৷।

Leave A Reply