Breaking

দৰঙৰ শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধৰ দাবী ইত্তেহাদ ফ্ৰন্টৰ।

0 2,056

দৰং জিলাৰ বিভিন্ন শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহ বন্ধ কৰাৰ দাবী ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ ।বিশেষকৈ ইছলাম ধৰ্মালম্বী লোকসকলৰ পবিত্ৰ ঈদৰ গয়না লৈ দৰঙৰ বিভিন্ন প্ৰান্তৰ বজাৰ সমূহত জনসমাগম দেখা যায়, বেছিমাৰী দলগাও,খাৰুপেটীয়া,ধূলা,মঙ্গলদৈকে আদি কৰি প্ৰায়বোৰ  ছুপাৰ মাৰ্কেট,শ্বপিং মলৰ লগতে আন সৰু-বৰ কাপোৰ দোকানী সমূহে কভিড১৯ৰ নীতি নিৰ্দেশনা অৱমাননা কৰি সামাজিক দূৰত্ব বজাই নাৰাখি অত্যন্ত ভীৰ কৰা পৰিলক্ষিত হৈছে। চৰকাৰৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । সাধাৰণ ৰাইজেও যেন সমগ্ৰ দেশৰ লগতে অসমতো যে ক’ৰনাৰ দ্বিতীয়টো ঢৌৱে যে এক বিভিসিকাময় পৰিবেশ সৃষ্টি কৰিছে, তাৰ প্ৰতি কোনো গুৰুত্ব বা ভ্ৰূক্ষেপ নাই।
যিদৰে ভীৰ কৰা পৰিলক্ষিত হৈছে, যদি বৰ্তমান ৰখাব পৰা নাযায় তেনেহলে ভয়াৱহ পৰিস্থিতিৰ সম্মুখীন হব লাগিব ।লগতে  দৰঙৰ বিভিন্ন বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ যথেষ্ট সংখ্যক মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।বজাৰত কৰোণাৰ দ্বিতীয় লহৰত একাংশ অসাধু ব্যৱসায় সকলে নিজ খিয়াল খুছিমতে অত্যাৱশ্যকীয় সামগ্ৰীৰ  মূল্য বৃদ্ধি  কৰা পৰিলক্ষিত হৈছে। মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে জিলা প্ৰশাসনক সভাপতি নুৰ ইছলামে দাবী জনায় ।লগতে শ্বপিং মল,ছুপাৰ মাৰ্কেট সমূহৰ লগতে আন আন কাপোৰৰ দোকান সমূহ বন্ধৰ ব্যৱস্থা গ্ৰহণ কৰি দৰং বাসীক ক’ৰনা ভাইৰাছৰ অধিক  সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আব্বাহন জনায় ইত্তেহাদ ফ্ৰন্ট অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলামে ।

Leave A Reply