Breaking

দৰং আছুৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ দীঘলীয়া সংঘাত ! আন্তঃ মঙলদৈৰ সমূহীয়া পদত্যাগ, গুৰুতৰ অভিযোগ…

0 21

দৰং আছুৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ দীঘলীয়া সংঘাত

আন্তঃ মঙলদৈৰ সমূহীয়া পদত্যাগ, গুৰুতৰ অভিযোগ

দৰং আছুৰ লাউজান অধিবেশনৰে পৰা মুলত বিষয়বাব কেন্দ্ৰীক দীঘলীয়া সংঘাতৰ পৰিনতিত আন্তঃ মঙলদৈ ছাত্ৰ সন্থাই সমূহীয়াভাবে পদত্যাগ কৰিছে৷ আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ২৩ জনীয়া সমিতি সহ সকলোয়ে পদত্যাগ কৰে৷ পদত্যাগ কৰা সকলৰ ভিতৰত আঞ্চলিক সমিতিখনৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক চাহিল চৌধূৰী, উপদেষ্টা ইজাজুল হক, সত্যৰঞ্জন ডেকা, গৌতম কলিতা আৰু গৌৰাংগ কলিতা, উপ-সভাপতি পৰাগ ভট্টাচাৰ্য, ত্ৰিনয়ন ডেকা আৰু মৃদুপৱন দাস, শিক্ষা সম্পাদক কুমাৰ হ্নষিকেশ নাৰায়ণ দেৱ, সাংস্কৃতিক সচিব আৰচিক আলম আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ৰাহুল আজিজ, খুৰচিদ আলম, নয়নমণি হাজৰিকা, সাংগঠনিক সম্পাদক আৰচিফ হুছেইন, ছাকিল আহমেদ, ৰিপন বৰুৱা,মহিবুল হক,বিত্তীয় সম্পাদক বখটিয়াৰ খান প্ৰমুখ্যে ২৩ গৰাকী বিষয়ববীয়া আৰু সদস্য অন্তভূক্ত হৈছে ৷

এই সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় সমিতিলৈ পদত্যাগৰ কাৰন হিচাবে আনহাতে আন্ত: মঙলদৈ ছাত্ৰ সন্থাই পদত্যাগৰ কাৰণ হিচাপে জিলা নেতৃত্বই মতালিৰে উদ্দেশ্য প্ৰণোদিতভাৱে অনাহকতে সদৰ আঞ্চলিক সমিতিখনক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে। তাৎপৰ্য পূৰ্ণ যে দৰং আছুৰ মুখ্য কাৰ্য্যলয় শ্বহীদ ভৱনত বিগত দুমাহ ধৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ সঘনাই বাদ বিবাদ, তৰ্ক বিতৰ্কৰ সুত্ৰপাত হৈ আহিছিল৷ ইয়াৰ মাজতে জিলা গোটৰ বিষয় ববীয়াই বিষয়টো থাপিথুপি সমাধানৰ চেষ্টা কৰিছিল যদিও ফলাবাহ যোৰা নলগাৰ দৰে সমূহীয়া পদত্যাগৰে আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ ক্ষোভ উজাৰিলে৷

ইতিমধ্যে জিলা সমিতিৰ সভাপতি ৰাজু শৰ্মা আৰু সম্পাদক হৃদয় বৰুৱাই আছুৰ আন্তঃ মঙলদৈ আঞ্চলিকখন কম সময়ৰ ভিতৰত গঠন কৰিব বুলি সদৰি কৰিছে৷ কিন্তু আছুৰ আন্তঃ মঙলদৈ ছাত্ৰ সন্থাৰ পদত্যাগ কৰা বিষয়ববীয়া সকলে পৰবৰ্তী সময়ত সমিতিখন গঠনত সহযোগ কৰিবনে সেয়াই গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ এই সন্দৰ্ভত এক সুত্ৰই সদৰী কৰা মতে আন্তঃ মঙলদৈৰ কেইবাজনো বিষয় ববীয়াই জিলা গোটৰ দায়িত্ব লবৰ বাবে আশা পালি আছিল৷ কিন্তু লাউজান অধিবেশনত সেয়া আশা পূৰন নোহোৱাত বিবাদৰ সুত্ৰপাতস্থলি হৈ পৰে শ্বহীদ ভৱন৷ আনহাতে এই সমগ্ৰ ঘটনাক দৰঙৰ দুটা বিশেষ ৰাজনৈতিক দলৰ পৰোক্ষ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ সংঘাট হিচাবে অভিহিত কৰিছে এক সুত্ৰই৷ সুত্ৰটোয়ে কম সময়ত বিষয়টো স্পষ্ট হ’ব বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰিছে৷

Leave A Reply