গৱেষকৰ অধ্যয়নৰ পৰা জনা যায় যে বিবিধ ফলৰ তুলনাত খেজুৰত পুষ্টিদ্ৰব্য অধিক নাথাকে। কিন্তু যিকেইবিধ পুষ্টিদ্ৰব্য থাকে, সেয়া সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজন। খেজুৰত অধিক পৰিমাণৰ শৰ্কৰা থাকে বাবেই খাবলৈ অধিক সুস্বাদু হয়। ইয়াৰ গুণসমূহ এনেধৰণৰ-
- খেজুৰত অধিক পৰিমাণে আঁহযুক্ত পদাৰ্থ থাকে বাবেই কোষ্ঠকাঠিন্যত ভোগা ৰোগীয়ে খেজুৰ ভক্ষণ কৰিলে পেট সম্পূৰ্ণ খোলোচা হৈ যায় আৰু পেটৰ অন্যান্য অসুখো নিৰাময় কৰে।
- খেজুৰে কলাইটিছ, ক’ল’ন কেন্সাৰক প্ৰতিহত কৰিব পাৰে।
- মগজুৰ সুস্থ ক্ৰিয়া-বিক্ৰিয়াত খেজুৰৰ ভিটামিন বি য়ে সুপ্ৰভাৱ পেলায়।
- খেজুৰত উপলব্ধ মেগনেছিয়ামে হৃদপিণ্ডৰ বিভিন্ন অসুখ, বহুদিনীয়া পুৰণি বাতবিষ, ডায়েৰীয়া আৰু পুষ্টিদ্ৰব্যৰ অভাৱত ঘটা ৰক্তহীনতা ৰোগত বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিয়ে।
- খেজুৰৰ মেগনেছিয়ামে দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণ অথবা দেহত দেখা দিয়া উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপলৈ অৱনমিত কৰাত বিশেষ অৰিহণা যোগায়।
- এদল গৱেষকৰ মতে, হৃদৰোগীয়ে যদি নিতৌ ১০০ মি:গ্ৰা: খেজুৰ ভক্ষণ কৰে তেনেহ’লে তেওঁ হাৰ্টষ্ট্ৰোকৰ বিপদ ৯ শতাংশ কমাব পাৰে।
- আন এদল গৱেষকৰ অধ্যয়নত ধৰা পৰিছে যে গৰ্ভৱতী মহিলাই যদি নিতৌ খেজুৰ খোৱাৰ অভ্যাস কৰে, তেনেহ’লে তেওঁ প্ৰাকৃতিকভাৱেই সন্তান প্ৰসৱ কৰাৰ ক্ষমতা লাভ কৰে।
ৰাসায়নিক বিশ্লেষণ কৰি গৱেষকে ১০০ গ্ৰাম খেজুৰত পোৱা বিভিন্ন পুষ্টিকৰ উপাদানসমূহ এনেধৰণৰ-
আঁহযুক্ত পদাৰ্থ- ৬.৭ গ্ৰাম
মেংগানিজ- ০.৩ মি:গ্ৰা:
পটাছিয়াম- ৬৯৬ মি:গ্ৰা:
মেগনেছিয়াম- ৫৪ মি:গ্ৰা:
কপাৰ- ০.৪ মি:গ্ৰা:
ভিটামিন বি- ০.২ মি:গ্ৰা:
শৰ্কৰা- ৬৬.৫ গ্ৰা:
বহু হাজাৰ বছৰ পূৰ্বৰ পৰাই ইৰাক, আৰৱ, উত্তৰ আফ্ৰিকাৰ উপৰিও আমেৰিকাৰ দক্ষিণ কেলিফৰ্নিয়া, অৰিজোনা, ফ্লৰিডাত খেজুৰৰ খেতি কৰা হৈছিল। কৃষি বিশেষজ্ঞৰ মতে, খেজুৰ পুলি ৰোপণ কৰাৰ ৪-৮ বছৰৰ পৰাহে খেজুৰৰ ফল আশা কৰা হয়। বাণিজ্যিক দিশত অৱশ্যে ৭-১০ বছৰৰ অন্তত খেজুৰৰ ফল পাৰি আনি বজাৰত উলিয়াই দিয়া হয়।
লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী