Breaking

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ …

0 556

নিজ মাতৃৰ ন্যায় বিচাৰি ৰাজপথত কন্যাৰ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। উন্মত্ত লোকৰ এটা দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল এগৰাকী মহিলাক। বৰ্তমান উক্ত ঘটনাৰ লগত জড়িত ১১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাটোৰ লগত জড়িত পাঁচগৰাকী ব্যক্তিক এতিয়াও গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰতিবাদকাৰীসকলৰ ৷

হাতত মাতৃৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী কন্যাই হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ ৷ গোলাঘাটৰ মেৰাপানীৰ চাউদাং পথাৰ দ-বাৰিচোৱা গাঁৱত হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম জোনমনি বৰা। গাঁওখনৰে দিলীপ গগৈ নামৰ লোকজন আৰু তেওঁৰ পৰিয়ালবৰ্গই একেগাঁৱৰে মালিৰাম বৰাৰ গৃহত বলপূৰ্বক প্ৰবেশ কৰি মৰিয়াই মৰিয়াই হত্যা কৰিছিল মালিৰাম বৰাৰ পত্নী জোনমনি বৰাক। লগতে মৃত জোনমনি বৰাৰ কন্যা পৰিস্মিতা বৰাও উন্মত্ত দলটোৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল। ভূমিকেন্দ্ৰিক এক সংঘাতৰ বাবে কাজিয়াৰ সূত্ৰপাত হৈছিল অভিযুক্ত দিলীপ গগৈ আৰু মালিৰাম বৰাৰ পৰিয়ালৰ মাজত।

অৱশেষত সেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৩০ মাৰ্চৰ সন্ধিয়া। গৃহস্থ মালিৰাম বৰা ঘৰত নথকা অৱস্থাত দিলীপ গগৈ আৰু পৰিয়ালৰ লোকসকলে হাতে হাতে লাঠি লৈ ঘৰৰ দুৱাৰ ভাঙি মালিৰাম বৰাৰ গৃহত প্ৰবেশ কৰি লুটপাট আৰম্ভ কৰে।দলটোৱে ঘৰৰ আচবাব ভাঙি চুড়মাৰ কৰি অচেতন অৱস্থাত জোনমনি বৰাক এৰি সেই স্থান ত্যাগ কৰাৰ পাছত গাঁৱৰ একাংশ লোকে মুমুৰ্ষ অৱস্থাত জোনমনি বৰাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। গোলাঘাটৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পাছত জোনমনি বৰাক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসালয়তে মৃত্যুক আকোৱালি লয় মহিলাগৰাকীয়ে।

আনহাতে ঘটনাৰ লগত জড়িত ১১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে যদিও পাঁচগৰাকীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ পাঁচগৰাকী অভিযুক্ত ক্ৰমে নুমলী গগৈ, পূৰবী নেওঁগ গগৈ, বন্তি গগৈ, চিবানী গগৈ আৰু দিপান্ত গগৈক গ্ৰেপ্তাৰ কৰাৰ দাবীত সোমবাৰে গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক গাঁওবাসীয়ে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাই ৷

Leave A Reply