Breaking

দিল্লীৰ জামা মছজিদ গোটত অহা মহিলাৰ প্ৰৱেশ নিষিদ্ধ জাৰী কৰিলে ডিচিডব্লিউৱে…

0 96

দিল্লীৰ জনপ্ৰিয় জামা মছজিদে তালৈ অকলে বা দল-সংগঠনে অহা মহিলাৰ প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰি এক নিৰ্দেশ জাৰি কৰিছে। জামা মছজিদৰ পি আৰ অ’ ছাবিউল্লাহ খানে কয় যে, “পৰিয়ালৰ সৈতে ছোৱালী/মহিলা অহাত কোনো বাধা নাই, বিবাহিত দম্পতীৰ ওপৰতো কোনো বাধা নাই।

” খানে এএনআইক কয় যে, “যেতিয়া মহিলাসকল অকলে আহে, অনুচিত কাম কৰা হয়, ভিডিঅ’ শ্বুট কৰা হয়, এই নিষেধাজ্ঞাৰ দ্বাৰা সেই সকলোবোৰ বন্ধ কৰা হয়। ইয়াক মিটিং পইণ্ট হিচাপে গঢ়ি তোলাটো ধৰ্মীয় স্থানৰ বাবে উপযুক্ত নহয়। পৰিয়াল বা বিবাহিত দম্পতীৰ ওপৰত কোনো বাধা নাই।” .

জামা মছজিদ প্ৰশাসনেও মছজিদৰ বাহিৰত সতৰ্কবাণী ফলক লগাই পৰ্যটকক অৱগত কৰিছে যে ছোৱালীক ভিতৰলৈ যাবলৈ দিয়া নহয়। মছজিদৰ তিনিটা প্ৰৱেশদ্বাৰৰ বাহিৰত এই চাইন বৰ্ডসমূহ স্থাপন কৰা হৈছে। ছাইনবৰ্ডত লিখা আছিল, “ছোৱালী/মহিলাক অকলে জামা মছজিদত প্ৰৱেশৰ অনুমতি নাই।” অৱশ্যে মহিলাসকলক স্বামী বা পৰিয়ালৰ সৈতে মছজিদত প্ৰৱেশৰ অনুমতি দিয়া হ’ব বুলি মছজিদ প্ৰশাসনে প্ৰকাশ কৰিছে।

Leave A Reply