Breaking

দিখৌ নদীত পুনৰ উটি আহিছে মৃত গাহৰি : ভয়াবহ প্ৰদূষণ পানী আৰু নদীপৰীয়া অঞ্চল

0 407

নাজিৰা

মহামাৰী ক’ৰ’ণা ভাইৰাছৰ আতংক সমগ্র বিশ্বত বিৰাজ কৰাৰ সময়তে শিৱসাগৰ জিলাৰ প্ৰান্তে প্ৰান্তে আফ্ৰিকান ছোৱাইন ফিভাৰত ব্যাপক হাৰত পোহনীয়া গাহৰিৰ অকাল মৃত্যু হোৱা ঘটনাই সমস্যাত পেলাইছে গাহৰি পালকসকলক। ইতিমধ্যে শিৱসাগৰ জিলাখনৰ নাজিৰা মহকুমাৰ সোন্দৰ পুখুৰী, বিহুবৰ, লক্ষ্মীজান, চণ্টক, বগীচাপৰী, বৰমিচিংগাঁও, দিচাংমুখৰ সমীপৰ বলমা, আলিছিগা পমুৱা, অফলা, মাজৰবাৰী, লিগিৰীবাৰী, চৰাইপৰা, মামন গড়ভগা, লেপাই-চোমনি, জোলাটূপ, দীঘলদৰিয়লি, ডিমৌমুখ আদি বিভিন্ন গাঁৱত বিগত মাহধৰি পোহনীয়া গাহৰিৰ আফ্ৰিকান ছহৱাইন ফিভাৰত আক্ৰান্ত হৈ ব্যাপক হাৰত মৃত্যু হোৱাৰ বিষয়ে জানিব পৰা গৈছিল যদিও শনৎ পুৱাৰে পৰা পুনৰ দিখৌ নদীত গাহৰিৰ মৃতদেহ উটি অহা ঘটনাই এই ৰোগে জিলাখনৰ আন আন ঠাইলৈও বিস্তাৰিত হোৱাৰ ইংগিত বহন কৰিছে। উল্লেখযোগ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰিবোৰ গাহৰি পালক সকলে ছফুট দ’ গাত খান্দি পুতি নেপেনাই দিখৌ, দিচাং, ব্ৰহ্মপুত্ৰ নদীকে ধৰি জান-জুৰি আদিত পেলাই দিয়াৰ ফলত ইয়াৰ জলপৃষ্ঠৰ লগতে সমীপৰ অঞ্চলসমূহ ভয়াবহ প্ৰদূষণৰ সন্মুখীন হৈছে। নদী আৰু জান-জুৰিৰ কাষৰীয়া অঞ্চলৰ জনগণ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। মৃত গাহৰিৰ দূৰ্গন্ধই পৰিৱেশ বিনষ্ট কৰাৰ লগতে ইয়াৰ পানী দূষিত হৈ পৰাত নদীৰ পানী সেৱন কৰা, গা ধোৱা আৰু বিভিন্ন কামকাজত সেই পানী ব্যৱহাৰ কৰা নদীপৰীয়া ৰাইজে বিষয়টো সন্দৰ্ভত জিলা প্ৰশাসন আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ, জল বিভাগ তথা সংশ্লিষ্ট বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি এক সু ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে নিবেদন জনাইছে৷

Leave A Reply