Breaking

এন এইচ পি চিৰ পিছত গোগামুখৰ মিংমাঙত ভয়ংকৰ ক’ভিড সংক্ৰমণঃ দুদিনতে ৪২ জন লোকৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ

0 1,528

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিত মাৰাত্মক ক’ভিড-১৯ সংক্ৰমণ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত এই সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ উল্লেখনীয় যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাতা সংস্হা এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ ছ’মা এন্টাৰপ্ৰাইজ আৰু পেটেল ইঞ্জিনীয়াৰিঙত স্থানীয় হাজাৰ হাজাৰ শ্ৰমিকে প্ৰকল্প নিৰ্মাণৰ কামত জৰিত হৈ আছে ৷ ক’ভিডৰ ভয়াৱহতাকো আওকান কৰি এই সকল শ্ৰমিকে ক’ভিড প্ৰট’কল উলংঘন কৰি প্ৰকল্প নিৰ্মাণৰ কামত জৰিত হৈ আহিছিল ৷ ফলত প্ৰকল্প নিৰ্মাণস্থলীত কৰ্মৰত প্ৰায় দুই শতাধিক শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈছিল ৷ বাধ্য হৈ ধেমাজি জিলা উপায়ুক্তৰ হস্তক্ষেপত এন এইচ পি চিয়ে সাময়িকভাৱে প্ৰকল্প নিৰ্মাণ বন্ধ কৰিছল ৷পৰৱৰ্তী সময়ত বিকল্প হিচাপে ধেমাজি জিলা উপায়ুক্তৰ হস্তক্ষেপত প্ৰকল্প নিৰ্মাণত জৰিত বিষয়া-কৰ্মচাৰী আৰু শ্ৰমিকক ব্যাপক হাৰত ক’ভিড টেষ্ট কৰা আৰু ক’ভিড প্ৰতিশেষধক প্ৰদানৰ ব্যৱস্থা কৰে ৷ উক্ত ক’ভিড পৰীক্ষাত প্ৰায় তিনি শতাধিক লোকৰ গাত ক’ভিড অৱস্থিতি ধৰা পৰিছিল ৷ ফলত বহু শ্ৰমিক প্ৰকল্প নিৰ্মাণৰ কামৰ পৰা বিৰত থাকে যদিও কিছু অংশ নিৰ্মাণ কাৰ্য চলাই যায় ৷ প্ৰাপ্ত অভিযোগ মতে এই শ্ৰমিক সকলে কঢ়িয়াই লৈ ফুৰা ক’ভিড ভাইৰাছে স্থানীয় অঞ্চলত ব্যাপক হাৰত সংক্ৰমণ ঘটাই ক’ভিড আক্ৰান্তৰ সংখ্যা উক্ত অঞ্চলবোৰ দ্ৰুতগতিত বৃদ্ধি কৰে ৷ সম্প্ৰতি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণস্থলীৰ দাঁতি-কাষৰীয়া মিংমাং গাঁও পঞ্চায়ত, কচুতলি, নলবাৰী, মিছাৰমাৰী গাঁও পঞ্চায়তত ব্যাপক হাৰত ক’ভিড সংক্ৰমণ ঘটিছে ৷ কেৱল মিংমাং পঞ্চায়ততে যোৱা দুদিনত ৪২ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ তাৰে মিংমাং পঞ্চায়তৰ কঠালগুৰি গাঁৱতে ৩৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ বাকী ৫ গৰাকী লোক পঞ্চায়তখনৰ অন্য গাঁৱৰ ৷ কঠালগুৰিত স্থানীয় বহুলোকে ক’ভিড প্ৰট’কল ব্যাপক হাৰত ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ একেদৰে মিছামাৰি, নলবাৰী আৰু কচুতলি পঞ্চায়তত ধাৰাবাহিকভাৱে ক’ভিড আক্ৰান্ত সংখ্যা ওলাই আছে ৷ মিংমাং কঠালগুৰিত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত কঠালগুৰি গাঁৱত কালি উপস্থিত হৈ গোগামুখৰ ৰাজহ চক্ৰ বিষয়া বৰষা দুৱৰাই গাঁওখন মাইক্ৰ’ কন্টেইন্টমেন্ট জ’ন হিচাপে ঘোষণা কৰে ৷ ইপিনে আজি টি এম পি কেৰ উদ্যোগত কঠালগুৰি গাঁৱৰ চৌদিশ ছেনিটাইজেছন কৰা বুলি ধেমাজি জিলা টি এম পি কেৰ সহকাৰী সম্পাদক সঞ্জীৱ মিলিয়ে জানিবলৈ দিছে ৷ আনপিনে সমগ্ৰ মিংমাং গাঁও পঞ্চায়তত ঘৰে ঘৰে ক’ভিড টেষ্ট কৰিবলৈ স্থানীয় সচেতন ৰাইজে ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছে ৷

Leave A Reply