পুৱতি নিশা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৩০ জনকৈ লোকৰ মৃত্যু

একেটা ৰে’ল লাইনতে দুখন ৰে’লৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ। যাৰ ফলত ৩০ জনকৈ লোকৰ মৃত্যু। মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা । ৪০ ৰ পৰা ৫০ লোক গুৰুতৰভাৱে আহত।পুৱা প্ৰায় ৩ বাজি ৪৫ মিনিটত ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত এখন ৰে’লৰ ৪টাকৈ ডবা লাইনচ্যুত। আহত সকলক ট্ৰেক্টৰ, ট্ৰলী যিয়ে যেনেকৈ পাৰে যথা সম্ভৱ ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।জানিব পৰা মতে, উদ্ধাৰকাৰী দল ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানত ব্যস্ত আছে ।

Related Articles