Breaking

মহানগৰীৰ পাণ্ডুত যুৱকৰ মৃতদেহ উদ্ধাৰ; ৰে’লৱেৰ পৰিত্যক্ত ৱৰ্কচপৰ ভিতৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

0 43

শনিবাৰে মহানগৰীৰ পাণ্ডুত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। পুৱা পাণ্ডু ল’ক’ কলনীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ  হৈছে। জানিব পৰা মতে, ৰে’ল বিভাগৰ এটা পৰিত্যক্ত ৱৰ্কচপৰ ভিতৰত চিপ লোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়। অৱশ্যে এই পৰ্যন্ত যুৱকজনৰ কোনো পৰিচয় লাভ কৰিব পৰা নাই আৰক্ষীয়ে।

উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰিত্যক্ত ৱৰ্কচপটো মদ, ভাঙৰ আড্ডাস্থলীলৈ ৰূপান্তৰিত হোৱাৰ দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে। ইতিমন্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি GMCHলৈ প্ৰেৰণ কৰিছে ।

ইফালে এইয়া হত্যা নে আত্মহত্যা সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ততহে মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।

Leave A Reply