Breaking

ঘগ্ৰাপাৰৰ-বাঘমাৰাৰ সমাজকৰ্মী প্ৰতুল দাসৰ মৃত্যু

0 2,025

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ (নয়নপুৰ চুবুৰী) নিৱাসী,তথা সমাজকৰ্মী প্ৰতুল দাসৰ (৫০) কালি  পুৱা  ১০:৩০ মান বজাত জ্বৰত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।উল্লেখ যোগ্য যে দাসে ঘগ্ৰাপাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সৈতে জড়িত থকাৰ উপৰিও ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ সভাপতি পদতো কাৰ্যনিৰ্বাহক কৰিছিল।জীৱিত অৱস্থা দাসে ঘগ্ৰাপাৰ চ’কত ব্যবসায়িক প্ৰতিষ্ঠান  দি পৰিয়াল পোহ-পাল দিছিল যদিও দোকান এৰি ৰঙিয়াস্থিত ফাটেমা কনভেট স্কুলত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল।দাসে বিজেপি দলৰ এগৰাকী কৰ্মী হিচাপেও মৃত্যুৰ আগমুহূৰ্তলৈ কাম কৰি আহিছিল। তেওঁৰ মৃত্যুৰ বাতৰি আজি বিয়পি পৰাত অঞ্চলৰ দল-সংগঠন, ৰঙিয়া ফাটেমা কনভেটৰ শিক্ষক-কৰ্মচাৰী,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বুবুল দাস,ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,বাঘমাৰা গাঁও উন্নয়ন সমিতি, বড়িগোগ বনভাগ জ‍্যেষ্ঠ নাগৰিক সন্মিলন, বিজেপিৰ বাঘমাৰা (ক) বুথৰ সাধাৰণ সম্পাদক কিশোৰ ভৰালী,,উপসভানেত্ৰী প্ৰনিতা ভৰালী,ঘগ্ৰাপাৰ বজাৰ সমিতিৰ,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ বিষয়ববীয়া আদিয়ে শেষ শ্ৰদ্ধা নিবেদন জনায়।ইফালে দাসৰ মৃত্যুৰ বাতৰিৰ পিছত তেওঁৰ গৃহত  ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বাঘমাৰা বুথ বিজেপিৰ সভাপতি পুলেন কলিতা, আদিয়ে উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰে।আনহাতে দাসৰ মৃত্যুত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বাপন চক্ৰৱৰ্তী আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞানপ কৰে।তেওঁ মৃত্যুৰ সময়ত পত্নীসহ এগৰাকী পুত্ৰ আৰু এজনী জীয়ৰী ইহ সংসাৰত এৰি যায়।

Leave A Reply