Breaking

ঢেকীয়াখোৱাৰ অসম আন্দোলনৰ সক্ৰিয় কৰ্মী বিনয় বেজবৰুৱাৰ মৃত্যু

0 2,232

অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কর্মী ,নাট্যশিল্পী ,সুদক্ষ খেলুৱৈ,সমাজসেৱক ঢেকীয়াখোৱাৰ নিবাসী বিনয় বেজবৰুৱাৰ নিজা বাসগৃহত (৫৯) মৃত্যু হয় । ওৰে জীৱন সমাজৰ হকে কাম কৰা  বেজবৰুৱা ঢেকীয়াখোৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক,ঢেকীয়াখোৱা গ্ৰাম্য সপ্তাহৰ জন্মদাতা আৰু ঢেকীয়াখোৱা মাধৱদেৱ পুথিভঁৰালৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। কিছুদিন অসুখত ভুগি থকা চিৰ কুমাৰ বেজবৰুৱাৰ মৃত্যুত ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতি,ঢেকীয়াখোৱা মহিলা সমিতি ,যুৱ সংঘই গভীৰ শোক প্ৰকাশ কৰিছে। ইপিনে ঢেকীয়াখোৱা বাসী আৰু বিভিন্ন অনুষ্টান – প্ৰতিষ্ঠান একত্ৰিত হৈ মাধৱদেৱ পুথিভঁৰাল প্ৰাংগণত বেজবৰুৱাৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলি অনুষ্টান আয়োজন কৰি বিদেহ আত্মাৰ সদগতি কামনা কৰে।

Leave A Reply