Breaking

নাজিৰা মানসিক ৰোগী সংস্থাপন কেন্দ্ৰত দেৱব্ৰত শইকীয়াৰ ৫লাখ টকাৰ অনুদান

0 2,051

নাজিৰা মহকুমাৰ হাটিপট্টীস্থিত মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ ” জ্যোতি গৃহ ” ৰ আৱাসী সকলৰ সহায়ৰ হেতু নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতৰ ২০২০ – ২০২১ বৰ্ষৰ বিধায়ক উন্নয়ন পুজিৰ পৰা আগবঢ়োৱা ৫ লাখ টকা অনুদানেৰে ইতিমধ্যে ৰান্ধনি ঘৰৰ লগতে ভোজনকক্ষৰ নিৰ্মাণৰ কাম সম্পন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে । নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ তত্বাৱধানত থকা এই ” জ্যোতি গৃহ” পৰ্যবেক্ষণৰ বাবে যোৱা সাতাইছ আগষ্টত বিৰোধী দলপতি গৰাকী উপস্থিত হৈ ইয়াৰ আৱাসীক সকলৰ স্বাস্থ্যৰ বোজ লয় । এই আপাহতে অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান হিউমেন ৱেলফেয়াৰ ছ’চাইটীয়ে ফুলাম গামোচা চেলেং চাদৰ , সৰুদৈয়া জাপি আৰু এখনি প্ৰশংসা পত্ৰৰে বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উষ্ম সম্বৰ্ধনা জনা । অনুষ্ঠানত ছ’চাইটীৰ হৈ সঞ্চালক নাছেৰ খানৰ লগতে চৈয়দ আব্দুল মুচ্চাবীৰ , ধীৰেণ শৰ্মা , ৰবীন বৰঠাকুৰ , অকণী পাংগিঙৰ উপৰি ভালেকেইজন গণ্য – মান্য ব্যক্তি উপস্থিত থাকে । বিৰোধী দলপতি গৰাকীয়ে অনাগত দিনটো ” জ্যোতি গৃহ ” ৰ আৱাসীসকলৰ স্বাস্থ্যৰ উন্নতি আৰু অনুষ্ঠানটিৰ বাবে সহায় – সহযোগিতাৰ আশ্বাস দিয়ে । 

Leave A Reply