Breaking

অৱশেষত জামিন পালে দেবাংগনা কলিতাই : দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন

0 2,079

অৱশেষত জামিন পালে দেবাংগনা কলিতাই৷ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন৷ এবছৰৰো অধিক কাল কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছে দেবাংগনাই৷ দেবাংগনাৰ লগতে হ’ব আন দুজন ক্ৰমে আছিফ ইকবাল আৰু নাতাছাৰ জামিন মঞ্জুৰ৷ দিল্লীৰ হিংসাত্মক কাণ্ডৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল দেবাংগনা৷

বিগত বৰ্ষৰ মে’ মাহত গ্ৰেপ্তাৰ হৈছিল দেবাংগনা৷ তিহাৰ জে’লত বন্দী হৈ আছিল অসমৰ দেবাংগনা৷ UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল দেবাংগনাক৷ দিল্লীৰ হিংসাত্মক কাৰ্যত জড়িতৰ অভিযোগত অভিযুক্ত দেবাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে। কলিতাৰ লগতে এন এগৰাকী ছাত্ৰী নাতাশা নাৰৱাল আৰু আছিফ ইকবালৰো জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে।বিগত ২০২০ৰ মে’ মাহৰ পৰা তিহাৰ জে’লত আছিল অভিযুক্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকী। আছিফ ইকবাল জামিয়া মিলিয়া ইছলামীয়াৰ স্নাতক মহলাৰ ছাত্ৰ হোৱাৰ বিপৰীতে দেৱাংগানা আৰু নাতাছা জেএনইউৰ গৱেষিকা৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু অনুপ জে ভামভামিৰ দুজনীয়া বিচাৰপীঠে মঞ্জুৰ কৰে জামিন৷ অধিবক্তা এছ পূজাৰী, তুচাৰিকা মটো আৰু কুনাল নেগীয়ে দেবাংগানা আৰু নাতাছাৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল।

Leave A Reply