Breaking

ডিচেম্বৰ মাহতে ৪ কোটিৰ জৰিমনা সংগ্রহ

0 1,070

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ মর্মে ৩১ ডিচেম্বৰত অসমক দুর্ঘটনামুক্ত কৰাৰ সংকল্পৰে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ মহানগৰ আৰক্ষীয়েও মুখ্যমন্ত্রীৰ নির্দেশনা অনুসৰি যান–বাহন আইন উলংঘাকাৰী আৰু সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে অভিযান তীব্র কৰি তুলিছে ৷ বৃহস্পতিবাৰে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙে এখন সংবাদ মেল সম্বোধন কৰি মহানগৰবাসীক শান্তিপূর্ণভাৱে নৱবর্ষ উদ্যাপন কৰিবলৈ আহ্বান জনায় ৷ লগতে কাইলৈ আৰু নৱবর্ষৰ প্রথমটো দিনত কোনো মানুহৰ ক্ষতি নোহোৱাকৈ নৱবর্ষ উদ্যাপন কৰিবলৈ আহ্বান জনায়৷ তদুপৰি এই দুটা দিনত সুৰাপান কৰি বাহন চলোৱাৰ পৰা বিৰত থাকি সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্রতি আহ্বান জনায় ৷

সংবাদ মেলত তেওঁ লগতে কয় যে চলিত বর্ষত মুঠ ২১ হাজাৰ গোচৰ নিষ্পত্তি কৰিছে মহানগৰ আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰীত চলিত বর্ষৰ আগষ্ট মাহৰ পৰা আজিলৈকে মহানগৰ আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছ জব্দ কৰিবলৈ সক্ষম হৈছে৷ চলিত বর্ষত ১৫৬টা ড্রাগ্ছ সম্পর্কীয় গোচৰ ৰুজু হৈছে৷ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত চলোৱা ড্রাগ্ছবিৰোধী অভিযানত ১৩ কেজি হেৰোইন জব্দ কৰা হৈছে৷ যাৰ বজাৰমূল্য ৫১ কোটিৰো অধিক৷ মুঠ ৩৬৮টা ড্রাগ্ছ সৰবৰাহকাৰী গ্রেপ্তাৰ কৰিছে৷ মহানগৰ আৰক্ষীয়ে ২৫৫ কেজি গাঞ্জা ২.৬০ লাখ য়াবা টেবলেট, ৬০ হাজাৰ কফ ছিৰাপ, ৩৭খন বাইক, ৪১খন সৰু–বৰ বাহন জব্দ কৰিছে৷ সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে মহানগৰীত যান–বাহন আইন উলংঘাকাৰীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উদ্বেগ প্রকাশ কৰে৷ বিগত চাৰিটা মাহত যান–বাহন আইন উলংঘাকাৰীৰ পৰা গড় হিচাপত প্রতিমাহে ২.৫ কোটি টকা জৰিমনা সংগ্রহ কৰা হৈছিল৷ কিন্তু চলিত মাহৰ আজিৰ তাৰিখলৈকে যান–বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযান চলাই মহানগৰ আৰক্ষীয়ে অভিলেখসংখ্যক ৪ কোটি টকাৰ জৰিমনা সংগ্রহ কৰিছে ৷

বিগত এটা সপ্তাহত সুৰাপান কৰি বাহন চলোৱা লোকৰ বিৰুদ্ধে যুটীয়াভাৱে পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে অভিযান চলাই ৬ শতাধিক লোকক জৰিমনা বিহিছে৷ সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত মহানগৰীত চলিত বর্ষত ৬০টা হত্যাৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে গুৱাহাটীত সংঘটিত হোৱা এই হত্যাকাণ্ডসমূহৰ সৰহসংখ্যকে পৰিয়ালকেন্দ্রিক সংঘাতৰ বাবে হোৱা বুলি মন্তব্য কৰে৷ এইটো সমাজৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে৷ লগতে চলিত বর্ষত মুঠ ৩৭৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷ আৰক্ষী সদায় জনসাধাৰণৰ সহায়ৰ বাবে আছে বুলি মন্তব্য কৰি যিকোনো ধৰণৰ সহায় বিচাৰি মহানগৰ আৰক্ষীক যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনায়৷ উল্লেখ্য যে এই সংবাদ মেলতে যান–শাখান শাখাৰ উপ–পৰিদর্শক দীপক শইকীয়াই প্রস্তুত কৰি উলিওৱা যান–বাহন আৰক্ষীৰ থীম ছং মুকলি কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷

Leave A Reply