Breaking

ঘোষণা হ’ল কনিষ্টবল–এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ সূচী

0 2,033

অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) আৰু কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৷ অহা ২০ ফেব্রুৱাৰীত বিভিন্ন শাখাৰ কনিষ্টবলৰ পৰীক্ষাসমূহ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব ৷ সেইদৰে অহা ২৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব অসম ঔদ্যোগিক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবলৰ বিশেষ পৰীক্ষা ৷ এই পৰীক্ষা কেৱল এছপি’সকলৰ বাবেহে অনুষ্ঠিত হ’ব ৷ এই বিশেষ পৰীক্ষা কেৱল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ আনহাতে উপ–পৰিদর্শক আৰু আন একাংশ কনিষ্টবল পদৰ বাবে অহা ২৪ এপ্রিলত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে প্রকাশ কৰা জাননী অনুসৰি, ২০ ফেব্রুৱাৰীত ২,৩৯১টা ইউ বি কনিষ্টবল আৰু ৪,২৭১টা এ বি কনিষ্টবল পদৰ বাবে ২০ ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই একেটা দিনতে এপিআৰৰ ৮১৩টা কনিষ্টবল পদ আৰু জৰুৰীকালীন সেৱাৰ ৭৮৮টা পদৰ উপৰি গৃহৰক্ষী বাহিনীৰ অধীনত ৭৫৪টা কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ আনহাতে ২৪ এপ্রিলৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ইউ বি শাখাৰ ৩০৬টা উপ–পৰিদর্শক, এ বি শাখাৰ ৩২০টা উপ–পৰিদর্শক পদৰ উপৰি ১০টা সহকাৰী উপ–নিয়ন্ত্রক (জুনিয়ৰ) পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷

সেইদিনাই দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ৭০৫টা ইউ বি শাখাৰ কনিষ্টবল পদ আৰু ১,৪২৯টা এ বি শাখাৰ কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই৷ ন’ডেল এজেঞ্চী হিচাপে ছেবাক দায়িত্ব অর্পণ কৰিলেও জিলা পর্যায়ত সুচলভাৱে পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হ’ব নিৰীক্ষণ কমিটী৷ এ আই এছ এফ বেটেলিয়নৰ বাহিৰে আন পদসমূহৰ বাবে লিখিত পৰীক্ষাসমূহ ৰাজ্যৰ ১০টা স্থানত অনুষ্ঠিত কৰা হ’ব৷ এই স্থানসমূহ হৈছে– তিনিচুকীয়া, ডিফু, যোৰহাট, শিলচৰ, গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰ, তেজপুৰ, নগাঁও আৰু হাফলং৷

Leave A Reply