Breaking

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰাৰ বাবে ডিপি ৱৰ্ল্ডৰ সৈতে চুক্তি স্বাক্ষৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ

0 80

গুজৰাটৰ কান্দলাত টুনা টেক্ৰা মেগা কণ্টেইনাৰ টাৰ্মিনেলৰ নিৰ্মাণৰ বাবে দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ডিপি ৱৰ্ল্ড গ্ৰুপৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া চুলতান আহমেদ বিন চুলাইমৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অধ্যক্ষ এছ কে মেহতা আৰু ডিপি ৱৰ্ল্ড এছচিও আৰু এমইএনএ-ৰ পৰিচালন সঞ্চালক ৰিজৱান ছুমাৰে এই গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰে।

উক্ত চুক্তিৰ উদ্দেশ্য হৈছে গুজৰাটৰ কান্দলাৰ টুনা-টেক্ৰাত ৩০ বছৰৰ বাবে বিল্ড-অপাৰেট-ট্ৰেন্সফাৰ (বিওটি) আধাৰত প্ৰায় ৪,২৪৩.৬৪ কোটি টকাৰ বিনিয়োগেৰে গ্ৰীণফিল্ড মেগা কণ্টেইনাৰ টাৰ্মিনেল বিকশিত কৰা আৰু ইয়াক অতিৰিক্ত ২০ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ ব্যৱস্থা কৰা।

এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টিকে ৰামাচন্দ্ৰনৰ লগতে মন্ত্ৰালয় আৰু ডিপি ৱৰ্ল্ডৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

সংশ্লিষ্ট প্ৰকল্পৰ অধীনত ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) জৰিয়তে টুনা-টেক্ৰাত এটা মেগা-কণ্টেইনাৰ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব। টাৰ্মিনেলটো ২০২৭ চনৰ আৰম্ভণিত কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। সম্পূৰ্ণ হোৱাৰ পাছত ইয়াত অন্তৰ্ভুক্ত থাকিব ১,১০০ মিটাৰৰ বাৰ্থ যিয়ে কোনো প্ৰি-বাৰ্থিং ডিটেনচন অবিহনে ১৮,০০০তকৈ অধিক টি.ই.ইউ. কঢ়িয়াই নিব পৰা অত্যাধুনিক জাহাজবোৰ সুচাৰুৰূপে চম্ভালিব পাৰিব আৰু ইয়াৰ মুঠ ক্ষমতা হ’ব প্ৰতি বছৰে ২.১৯ নিযুত টি.ই.ইউ.।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰসংগত কয়, “দীনদয়াল বন্দৰ কৰ্তৃপক্ষ আৰু ডিপি ৱৰ্ল্ডৰ মাজত চুক্তি স্বাক্ষৰ হোৱাটো সঁচাকৈয়ে এক গুৰুত্বপূৰ্ণ কথা কিয়নো ই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত ভাৰতত শ্ৰেষ্ঠ আন্তঃগাঁথনি নিৰ্মাণৰ আন এক গুৰুত্বপূৰ্ণ সাফল্য চিহ্নিত কৰিব। এই প্ৰকল্পটোৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অমৃতকাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখি কাম কৰিব আৰু বন্দৰ পৰিচালনাৰ ক্ষমতা চাৰিগুণ কৰিব। ই অৰ্থনৈতিক বিকাশৰ বাবে মাল্টিম’ডেল লজিষ্টিক আন্তঃগাঁথনি বিকাশতো সহায় কৰিব। কাৰ্যকৰী হোৱাৰ পাছত, উক্ত টাৰ্মিনেলে ভাৰতক ‘ৰপ্তানিৰ গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ’ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু লগতে পৰিবহণ, বিতৰণ আৰু যোগান শৃংখলাৰ দৰে বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি সৃষ্টিত সহায় কৰিব।”

এই নতুন টাৰ্মিনেলে উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ভিতৰুৱা অঞ্চলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু এই অঞ্চলবোৰৰ ব্যৱসায়ক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰি দেশৰ বাণিজ্যিক তথা অৰ্থনৈতিক দিশটো অধিক শক্তিশালী কৰিব। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অংশ আৰু ই ভাৰত চৰকাৰৰ পদক্ষেপ যেনে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিক নীতিকো ত্বৰান্বিত কৰিব।

উক্ত টাৰ্মিনেলে দেশত কণ্টেইনাৰ লজিষ্টিকৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব। শেহতীয়া সঞ্চালন প্ৰযুক্তিৰ সৈতে কণ্টেইনাৰ টাৰ্মিনেলে উৎপাদনশীলতা আৰু ব্যৱসায় সহজ কৰাৰ মান যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে।

Leave A Reply